কোৰোণা ৰোগী ওলাই অহাত কৰিলে পলম! কৰ্তব্যৰ মাজতে ঢলি পৰিল PPE কিট পিন্ধা স্বাস্থ্য কৰ্মী

News18 Assam | News18-Assam
Updated:August 1, 2020, 11:55 AM IST
কোৰোণা ৰোগী ওলাই অহাত কৰিলে পলম! কৰ্তব্যৰ মাজতে ঢলি পৰিল PPE কিট পিন্ধা স্বাস্থ্য কৰ্মী
পিপিই কিট পিন্ধি কৰ্তব্য সম্পাদনৰ সময়ত এনে এজন কোৰোণা যোদ্ধা সংজ্ঞাহীন হোৱাৰ ঘটনাকলৈ স্বাস্থ্য কৰ্মী সকলৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

পিপিই কিট পিন্ধি কৰ্তব্য সম্পাদনৰ সময়ত এনে এজন কোৰোণা যোদ্ধা সংজ্ঞাহীন হোৱাৰ ঘটনাকলৈ স্বাস্থ্য কৰ্মী সকলৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

  • Share this:
কোৰোণা পজিটিভ ৰোগীক ঘৰৰ পৰা হাস্পতাললৈ নিয়াৰ পথত বিপত্তি ঘটিল হাইলাকান্দিত।  পিপিই কিট পিন্ধি নিজৰ কৰ্তব্য পালন কৰা অৱস্থাত জ্ঞান হেৰুৱায় ১০৮ৰ চালক ছৰিফ উদ্দিন মাঝাৰভূঞাই।

শুকুৰবাৰে হাইলাকান্দি চহৰত ৰেপিড এন্টিজেন টেষ্টত পজিটিভ চিনাক্ত হোৱা এজন ৰোগীক জিলাখনৰ মনিপুৰ মডেল হাইস্কুলত নিৰ্মিত ক’ভিড কেয়াৰ চেন্টাৰত লৈ যাবলৈ আহিছিলে এখন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স।

কোনো কাৰণত কোৰোণা ৰোগীজনে পলম কৰাৰ বাবে তিনি ঘন্টামান সময় ধৰি পিপিই কিট পিন্ধি থাকিবলগা হৈছিল এম্বুলেন্সৰ চালকজনে। যাৰ বাবে ৰোগীলৈ ক’ভিড কেয়াৰ চেন্টাৰত যোৱাৰ সময়ত আধা পথতে চালক ছৰিফ উদ্দিন মাঝাৰভুইয়া হঠাৎ অসুস্থ হৈ পৰে।

পিপিই কিট পিন্ধি থকা এম্বুলেন্সৰ আন কর্মীয়ে অসুস্থ চালকজনক ৰাস্তাৰ দাঁতিত চেলাইন লগাই তেওঁৰ প্রাথমিক চিকিৎসা আৰম্ভ কৰে। পিছত তেওঁক হাইলাকান্দিৰ এস কে ৰায় অসামৰিক হাসপাতালত ভর্তি কৰোৱা হয়। বৰ্তমানে সুস্থ আছে চালক গৰাকী। পিপিই কিট পিন্ধি কৰ্তব্য সম্পাদনৰ সময়ত এনে এজন কোৰোণা যোদ্ধা সংজ্ঞাহীন হোৱাৰ ঘটনাকলৈ স্বাস্থ্য কৰ্মী সকলৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
First published: August 1, 2020, 11:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading