মুখ্যপৃষ্ঠা »খবৰ »অসম »কোভিড প্ৰতিষেধক নল'লে নাপাব চৰকাৰী সা-সুবিধা, জনাই দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

কোভিড প্ৰতিষেধক নল'লে নাপাব চৰকাৰী সা-সুবিধা, জনাই দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

কামৰূপ গ্ৰাম্য জিলাত কোভিক ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কামৰূপ গ্ৰাম্য জিলাত কোভিক ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

  • Share this:
''উপযুক্ত ব্যক্তিয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব ৷ গতিকে নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক।  আৰু ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ৷’’– কামৰূপ জিলাত কোভিড প্ৰতিষেধক প্ৰদানৰ স্থিতি সম্পৰ্কত বুজ লোৱাৰ উদ্দেশ্যে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইদৰে কয় ৷

সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে আদি কৰি জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত কোভিড প্ৰতিষেধক প্ৰদানৰ সন্দৰ্ভত বুজ লৈ ভেকচিনেশ্যন প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে,  'প্ৰতিষেধক প্ৰদান কাৰ্য ভোটকেন্দ্ৰ পৰ্যায়লৈ আনকি প্ৰয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব ৷' আনকি ইয়াৰ বাবে তথ্য সংগ্ৰহ কৰি সঠিক তালিকা প্ৰস্তুত কৰিবলৈ বি এল অ’, গাঁওবুঢ়া আৰু আশাকৰ্মীসকলক বিশেষভাৱে নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে জনসাধাৰণৰ সুবিধাৰ্থে জিলাখনত ২৪ ঘণ্টীয়া প্ৰতিষেধক প্ৰদান ব্যৱস্থা উপলব্ধ কৰিবলৈও উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰী মহন্তই। তদুপৰি বিদ্যালয়-মহাবিদ্যালয় খুলিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিষ্ঠানসমূহত থকা প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ উপযুক্ত স্থান নিৰ্ধাৰণৰ ক্ষেত্ৰতো তৎকালীন ব্যৱস্থা ল’ব লাগিব বুলি তেওঁ কয় ৷

শেহতীয়া বাতৰি