• Home
  • »
  • News
  • »
  • assam
  • »
  • বিমান যাত্ৰীৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে বান্ধি দিলে নতুন গাইডলাইন

বিমান যাত্ৰীৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে বান্ধি দিলে নতুন গাইডলাইন

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত ১৪ দিন কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক।

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত ১৪ দিন কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক।

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত ১৪ দিন কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক।

  • Share this:
২৫ মে’ৰ পৰা দেশত আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এমাহৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। ইফালে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় বিমানত আহিবলগীয়া যাত্ৰীসকলৰ ক্ষেত্ৰত গাইডলাইন জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত ১৪ দিন কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক। ৭ দিনৰ বাবে চৰকাৰে স্থাপন কৰা কোৱাৰেণ্টাইনত থাকিব লাগিব যাত্ৰীসকলে। এই সময়ছোৱাত যাত্ৰীসকলে নিজেই কোৱাৰেণ্টাইনৰ সকলো খৰছ বহন কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী ৭ দিন যাত্ৰীসকলে হোম আইছ’লেচনত থাকিব লাগিব।

আনহাতে, গাইডলাইনত  উল্লেখ কৰা আছে যে আন্তঃৰাষ্ট্ৰীয় বিমানৰ জৰিয়তে স্বদেশলৈ আহিব বিচৰা যাত্ৰীসকলে প্ৰথমে শপতনামা দিব লাগিব। এই শপতনামাত যাত্ৰীসকলে প্ৰতিশ্ৰুতি দিব লাগিব স্বদেশত উপস্থিত হোৱাৰ লগে লগে ১৪ দিন কোৱাৰেণ্টাইন থকাৰ। য’ত চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব যাত্ৰীগৰাকীয়ে।

অৱশ্যে কিছুমান যাত্ৰীৰ ক্ষেত্ৰত শিথিল কৰা হ’ব। বিশেষকৈ গৰ্ভৱতী মহিলা, পৰিয়ালৰ কোনো আত্মীয়ৰ মৃত্যু, ৰোগী অথবা ১০ বছৰ তলৰ শিশুৰ ক্ষেত্ৰত চৰকাৰী কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক নকৰে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইনত।
First published: