''সাধাৰণ টিকাকৰণৰ উপৰি ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ’ৰ যোগেদি ৰাজ্যখনৰ সৰ্বস্তৰৰ নৱজাতক আৰু গৰ্ভৱতী মহিলাক সামৰি লোৱা হ’ব আৰু এনেদৰে অসমৰ বছৰি ৬ লাখৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷'' - আজি দিল্লীত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰা ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ’ৰ (Mission Indradhanush 4.0) উদ্বোধনী অনুষ্ঠানত কামৰূপৰ আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ভাগ লৈ সাংবাদিকেৰে হোৱা বাৰ্তলাপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) এইদৰে কয়৷
তেওঁ আৰু কয় যে নিয়মীয়া প্ৰতিষেধক প্ৰদান কাৰ্য চলি থকাৰ উপৰি এই বিশেষ অভিযানেৰে প্ৰতিষেধক ল'বলৈ বাকী ৰৈ যোৱা শিশু তথা গৰ্ভৱতী মহিলাসকলক (children and pregnant women) সামৰি লোৱাৰ বাবে তিনিটা মাহৰ নিৰ্দিষ্ট দিন নিৰ্দ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি চলিত মাহত আজিৰ পৰা অহা ১৫ ফেব্ৰুৱাৰীলৈ, মাৰ্চ মাহত ৭ পৰা ১৫ মাৰ্চলৈ আৰু এপ্ৰিল মাহত ৪ পৰা ১২ এপ্ৰিললৈ তিনিটা পৰ্যায়ত এই অভিযান চলোৱা হ’ব৷ মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোত শিশুক প্ৰতিষেধক প্ৰদান কৰি ৰাজ্যখনত এই অভিযান মুকলি কৰি বিশেষকৈ কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে টিকাগ্ৰহণৰ পৰা বঞ্চিত হোৱা শিশুসকলক প্ৰতিষেধক প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷
আনহাতে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দিল্লীৰ পৰা দেশৰ ৩৩ খন ৰাজ্যত শিশু আৰু গৰ্ভৱতী মহিলাক টিকাকৰণৰ বাবে ৰূপায়ণ কৰিবলগীয়া ‘চতুৰ্থ সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ’ৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই (Union Health Minister Mansukh Mandaviya) কয় যে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশ্বই এতিয়া ভাৰতৰ পৰা অনুপ্ৰেৰণা লয়৷ ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৪.০’ পূৰ্ণ সফলতাৰে সম্পন্ন কৰি এতিয়া ভাৰতে বিশ্বৰ বাবে আন এক উদাহৰণ প্ৰস্তুত কৰিব লাগে৷
এই প্ৰতিষেধক প্ৰদানৰ হাৰ ২০১৪ চনৰ ৪৩ শতাংশৰ বিপৰীতে এতিয়া ৭৬ শতাংশ হোৱা বুলি উল্লেখ কৰি ‘সকলোৰে প্ৰয়াস’ৰ জৰিয়তে এইবাৰ ঈপ্সিত ৯০ শতাংশৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও তেওঁ কয়৷ চিকিৎসা কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত হাজাৰ বাধা-বিঘিনি অতিক্ৰম কৰি এতিয়ালৈ দেশত ১৭০ কোটি কোভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ দৰে সেই একেই দায়বদ্ধতা আৰু প্ৰচেষ্টাৰ ফলত মিছন ইন্দ্ৰধনুসো সফল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
এই ক্ষেত্ৰত পৌৰসভা, গাঁও পঞ্চায়ত প্ৰশাসনৰ সহায় লোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব ৰাজেশ ভূষণে তেওঁৰ আদৰণী ভাষণত ভাৰতক বিশ্বৰ ভিতৰতে সকলোতকৈ বৃহৎ সাৰ্বজনীন টিকাকৰণ অভিযান চলোৱা দেশ বুলি উল্লেখ কৰি কয় যে এইবাৰৰ অভিযানত দেশৰ ৩৩ খন ৰাজ্যৰ ১১৬ খন জিলা সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে প্ৰতিষেধকৰে নিবাৰণ কৰিব পৰা ১২ টা বেমাৰৰ প্ৰতিষেধক প্ৰদান নিশ্চিত কৰা হ’ব আৰু প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু দুবছৰলৈকে শিশুৰ যাতে সম্পূৰ্ণ টিকাকৰণ কৰা হয়, তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷
এইবাৰ এই মিছন দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত অসমকে ধৰি ১১ খন ৰাজ্যই ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত আৰু বাকী ২২ খন ৰাজ্যই মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত এই অভিযান চলাব বুলি কয়৷ আজি আজাৰৰ পৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালককে ধৰি বিভাগৰ অন্যান্য বিষয়াসকল, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উপৰি আজাৰা অঞ্চলৰ হিতাধিকাৰীসকল উপস্থিত থাকে৷
উল্লেখ্য যে বিশেষভাৱে সাতটা ৰোগ যেনে ডিপথেৰিয়া, টিটেনাচ, হুপিংকাঁহ, টিবি, হেপাটাইটিছ বি, পলিঅ’ আৰু বসন্ত আদি ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰি সাতোৰঙী ৰামধেনুৰ দৰে সুৰক্ষিত ৰঙীন জীৱন শিশুক উপহাৰ দিয়াৰ বাবে প্ৰাথমিকভাৱে এই মিছন ২০১৪ চনৰ ২৫ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল৷ পিছলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নিৰ্দেশ মৰ্মে ২০১৭ চনৰ ৮ অক্টোবৰত সৰ্বাত্মক ৰূপত এই মিছন আৰম্ভ কৰা হয় আৰু আজি চতুৰ্থবাৰৰ বাবে এই সৰ্বাত্মক অভিযান মুকলি কৰা হয়৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|