আজি ৰাজ্যত প্ৰায় স্থৱিৰ হৈ পৰিছে কোভিড ভেকচিন প্ৰদান ৷ বন্ধ হৈ পৰিছে ৰাজ্যৰ সকলো বাগিচা অঞ্চলৰ মেগা ভেকচিন কেম্পৰ৷ কাৰণ ৰাজ্যত নাই কোভিড ভেকচিন৷ তাৰ মাজতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত বোকাখাতৰ এটা কোভিড ভেকচিন প্ৰদান শিবিৰত উপস্থিত হৈ কয়–"ৰাজ্যৰ ৯ জিলাত সম্পূৰ্ণ লকডাইন সম্পৰ্কত সিদ্ধান্ত ল'ব বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত কেবিনেট বৈঠকে৷" প্ৰতিদিনে ৩ লাখ ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে উজুটি খালে দ্বিতীয় দিনটোতেই ৷ আজিৰ দিনটোত ৰাজ্যৰ ক'তো অনুষ্ঠিত নহ'ল মেগা ভেকচিন কেম্প ৷ কাৰণ ৰাজ্যত নাই ভেকচিন ৷
"কিন্তু কাইলৈৰ পৰা পুনৰ আৰম্ভ হ'ব মেগা ভেকচিন কেম্প৷ ইতিমধ্যে বৰঝাৰ এয়াৰ প'ৰ্টত এখন ভেকচিনৰ বিমান অৱতৰণ কৰাৰ পাছত ৰাজ্যৰ ভেকচিন গুদামত মজুত কৰাৰ বিপৰীতে এয়াৰ প'ৰ্টৰ পৰা বাহিৰে বাহিৰে প্ৰতিখন জিলা সদৰলৈ পোনপটীয়াকৈ ভেকচিন প্ৰেৰণ কৰা হৈছে৷" –এই মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ ৷
ৰাজ্যৰ কোভিড পৰিস্থিতি স্বাভাৱিক দিশলৈ গতি কৰিছে যদিও এতিয়াও গোলাঘাট, যোৰহাট, কাছাৰ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ জিলাত কোভিড সংক্ৰমণৰ হাৰ উদ্বেগজনক৷ এইকেইখন জিলাক লৈ বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত ল'ব বুলি বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত কোভিড ভেকচিন কেম্প পৰিদৰ্শন কৰি এইদৰে কয় স্বাস্থ্য মন্ত্ৰীয়ে ৷
আনহাতে ভেকচিনৰ দুটা বটল মিলাই ১১টা ভেকচিন প্ৰদানৰ চেষ্টা কৰাৰ বাবে স্বাস্থ্য কৰ্মীক আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীয়ে ৷ অপচয় ৰোধৰ বাবেই এই প্ৰচেষ্টা কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীজনে আজি জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে৷ মন্ত্ৰীজনক সংগ দিয়ে জিলা উপায়ুক্ত, বোকাখাতৰ মহকুমাধিপতি, মহকুমা স্বাস্থ্য বিষয়াই ৷ বোকাখাত নাট্যমন্দিৰত পূৰ্বে মজুত থকা ভেকচিনেৰেই আজি কেম্প অনুষ্ঠিত হয়৷ উল্লেখ্য যে গোলাঘাট জিলাত ৪০টা মেগা ভেকচিন কেম্পত সোমবাৰৰ দিনটোত নিৰ্ধাৰিত ২৫০০ ভেকচিনৰ বিপৰীতে ৩০০০ লোকক ভেকচিন প্ৰদান কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।