মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid-19: মহানগৰীত কোভিডমুক্ত হ'ব তিনি হাস্পতাল! স্বাস্থ্য বিভাগৰ লক্ষ্যক লৈ ক'লে কেশৱ মহন্তই

Covid-19: মহানগৰীত কোভিডমুক্ত হ'ব তিনি হাস্পতাল! স্বাস্থ্য বিভাগৰ লক্ষ্যক লৈ ক'লে কেশৱ মহন্তই

মন্ত্ৰীগৰাকীৰ আশা এনেদৰে ভেকচিনৰ যোগান হৈ থাকিলে প্ৰতিদিনে ৩ লাখকৈ ভেকচিন প্ৰদান কৰা হ'ব ৷

মন্ত্ৰীগৰাকীৰ আশা এনেদৰে ভেকচিনৰ যোগান হৈ থাকিলে প্ৰতিদিনে ৩ লাখকৈ ভেকচিন প্ৰদান কৰা হ'ব ৷

মন্ত্ৰীগৰাকীৰ আশা এনেদৰে ভেকচিনৰ যোগান হৈ থাকিলে প্ৰতিদিনে ৩ লাখকৈ ভেকচিন প্ৰদান কৰা হ'ব ৷

  • Share this:

২১ তাৰিখৰ পৰা ৰাজ্যত দৈনিক প্ৰদান কৰা হৈছে ৩ লাখকৈ কোভিড ভেকচিন৷ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যৰে স্বাস্থ্য বিভাগে তিনি দিনত সৰ্বমুঠ ৯ লাখ ২৭ হাজাৰ ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ বিভাগৰ অধীনত সৰ্বমুঠ এতিয়ালৈ ৬৩ লাখ ৯২ হাজাৰ ভেকচিন প্ৰদান সম্ভৱ হৈছে ৷ অৱশ্যে ২ কোটি লোকে এতিয়াও ভেকচিন ল'বলৈ বাকী আছে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লক্ষ্য অনাগত ৪৫ দিনৰ ভিতৰত প্ৰতিগৰাকী লোকক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হ'ব ৷


ইতিমধ্যে প্ৰতিদিনে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা ভেকচিন অনুসৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভেকচিন যোগান ধৰা হৈছে ৷ পূৰ্বৰ দৰে নিৰ্দিষ্ট এটা দিনত ভেকচিন অহা নাই ৷ দৈনিক ভেকচিনৰ যোগান ধৰিছে কেন্দ্ৰই ৷ মন্ত্ৰীগৰাকীৰ আশা এনেদৰে ভেকচিনৰ যোগান হৈ থাকিলে প্ৰতিদিনে ৩ লাখকৈ ভেকচিন প্ৰদান কৰা হ'ব ৷ ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যত কোভিডৰ পৰিস্থিতি উন্নত হৈছে ৷


উন্নত হৈছে গুৱাহাটী মহানগৰৰো পৰিস্থিতি, যাৰ বাবে গুৱাহাটীৰ তিনি হাস্পতাল কোভিডমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ ৷ এই তিনি চিকিৎসালয় ক্ৰমে শিঙিমাৰী, মহেন্দ্ৰমোহন চৌধুৰী হাস্পতাল আৰু আযুৰ্বেদিক হাস্পতাল ৷ ইয়াৰ পৰিৱৰ্তে নতুন ৰোগী থাকিব এতিয়াৰ পৰা সৰুসজাইৰ DRDO হাস্পতালত ৷ ডেল্টা প্লাছ ভেৰিয়েণ্টক লৈও স্বাস্থ্য বিভাগৰ পৰ্যালোচন চলি আছে বুলি জনায় তেওঁ ৷ এইক্ষেত্ৰতো নিশ্চিতভাৱে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি