ৰাজ্যৰ শিশুসকলক ভৱিষ্যতে পলিঅ', জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি, সৰু আই, ডায়েৰিয়া, নিউমোনিয়া, যক্ষ্মাকে ধৰি কমেও ১৩টা ৰোগৰ পৰা সুৰক্ষিত কৰাৰ প্ৰয়াসেৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা আৰম্ভ কৰিছে বিশেষ সাপ্তাহিক টিকাকৰণ অভিযান। বৰ্দ্ধিত মিছন ৰামধেনু-২০২১ৰ অধীনত ৰাজ্যজুৰি ৭ জুলাইৰ পৰা অহা ১৩ জুলাইলৈ চলিব লগা 'বিশেষ টিকাকৰণ সপ্তাহ' কাৰ্যসূচীৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই বিশেষ টিকাকৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি ২ বছৰৰ তলৰ শিশুসকলৰ পিতৃ-মাতৃসকলক নিজৰ এনে সন্তানক আগন্তুক সাতটা দিনত ঘৰৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা টিকাকৰণ শিবিৰলৈ নি প্ৰতিষেধক ল'বলৈ অনুৰোধ জনায়। একেদৰে, প্ৰতিগৰাকী গৰ্ভৱতী মহিলাকো এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী মহন্তই।
ইতিমধ্যে চলি থকা ক'ভিড প্ৰতিষেধক অভিযানৰ সমান্তৰালকৈ এই নিয়মীয়া টিকাকৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে স্বাস্থ্য বিভাগে চলিত ক'ভিড প্ৰতিষেধক অভিযানৰ সমান্তৰালকৈ 'বৰ্দ্ধিত মিছন ৰামধেনু' শীৰ্ষক নিয়মীয়া সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ প্ৰায় ১.১৮ লাখ শিশুৰ লগতে গৰ্ভৱতী মহিলাক পলিঅ', ৰোটা ভাইৰাছ, জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি, সৰু আই, ৰোবেলা, নিউমোক'ক্কেল কনজুগেট ভেক্সিন (পিচিভি), টিটেনাছ, বিচিজি, পেণ্টাভেলেণ্ট, ডিপিটি, টিডি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰি লৈছে।
ইয়াৰ বাবে বিভাগটোৱে এমাহৰ মূৰে মূৰে তিনিটা পৰ্যায়ত এই সাপ্তাহিক বিশেষ টিকাকৰণ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে। সেই মতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিশেষ সাপ্তাহিক টিকাকৰণ কাৰ্যসূচী ক্ৰমে ৭-১৩ আগষ্ট আৰু ৭-১৩ চেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব। আজি ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল, জিলা আৰু মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৪,৭৪১টা উপকেন্দ্ৰত এই বিশেষ টিকাকৰণ শিবিৰৰ আয়োজন কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।