মুখ্যপৃষ্ঠা »খবৰ »অসম »যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন – ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন – ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ইপিনে যোৱা দুটা দিনত যোৰহাট জিলাত ৪০ হাজাৰ লোকক চৰকাৰে ভেকচিন প্ৰদান কৰা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে যোৱা দুটা দিনত যোৰহাট জিলাত ৪০ হাজাৰ লোকক চৰকাৰে ভেকচিন প্ৰদান কৰা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

  • Share this:
যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান কেন্দ্ৰ পৰিভ্ৰমণ কৰি এই নিশ্চিতি প্ৰদান কৰিছে মন্ত্ৰী গৰাকীয়ে।

ইপিনে যোৱা দুটা দিনত যোৰহাট জিলাত ৪০ হাজাৰ লোকক চৰকাৰে ভেকচিন প্ৰদান কৰা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। টীয়কৰ চেনি আমগুৰি প্ৰতিষেধক প্ৰদান কেন্দ্ৰত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়- যোৰহাট আৰু শিৱসাগৰ জিলাত খুব সুন্দৰকৈ ভেকচিন প্ৰদান কাৰ্য চলি আছে।

শেহতীয়া বাতৰি