কভিড১৯ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই থকা বাবে যোৰহাট জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছিল। কিন্তু বিগত চাৰিদিনত ক্ৰমাগতভাৱে কমিবলৈ ধৰিছে সংক্ৰমণৰ সংখ্যা। ২২ জুনত যোৰহাটত সংক্ৰমণৰ হাৰ আছিল ২.৭৩%।
বিগত কিছুদিনৰ উদ্বেগজনক পৰিস্থিতিৰ বিপৰীতে যোৰহাটত ধীৰে ধীৰে হ্ৰাস পাবলৈ ধৰিছে কভিড সংক্ৰমণৰ হাৰ। বিগত চাৰিদিনত যোৰহাটত ক্ৰমাৎ কমিবলৈ ধৰিছে সংক্ৰমিত হোৱা লোকৰ সংখ্যা। কিন্তু বৃদ্ধি পাই আছে মৃত্যুৰ সংখ্যা। যোৱা ১৫ জুনত যোৰহাটত সংক্ৰমণৰ হাৰ আছিল ৪.০৫%। ১৬ জুনত আছিল ৪.৬৯%। ১৭ জুনত ৫.০৮%। 18 জুনত সংক্ৰমণৰ হাৰ আছিল ৫.৮৮%। কিন্তু ১৯ জুনৰ পৰা ধাৰাবাহিকভাৱে কমিবলৈ ধৰে সংক্ৰমণ। যোৰহাটত ১৯, ২০ আৰু ২১ জুনত সংক্ৰমণৰ হাৰ আছিল ক্ৰমে ৩.২২%, ৩.৫% আৰু ২.৮৬%। ২২ জুনতো সংক্ৰমণ হ্ৰাস পাই এই হাৰ হয়গৈ ২.৭৩%। আনহাতে, বিগত আঠ দিনত যোৰহাটত ২১জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। ২১ জুন পৰ্যন্ত যোৰহাট জিলাত ১৭টা স্থান মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।
আনহাতে, যোৰহাট জিলাত বৰ্তমানলৈকে দুই লক্ষাধিক লোকে ভেকচিন গ্ৰহণ কৰিছে। অহা কেইদিনমানৰ ভিতৰত যোৰহাট নগৰৰ পথৰ কাষৰ ব্যৱসায়ীসকলক ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা হাতত লোৱাৰ লগতে যোৰহাটৰ ৮৬খন চাহ বাগিচা আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত দ্ৰুতগতিত ভেকচিন প্ৰদানৰ ব্যৱস্থা ল’ব বুলি যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।
"পথৰ কাষৰ ব্যৱসায়ীসকলৰ পৰা কোভিড সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক। আমি দুই-তিনিদিনৰ ভিতৰতে এই ব্যৱসায়ীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিম। যোৰহাটত শেহতীয়াকৈ বিগত কেইদিনত সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে।", যোৰহাটৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিত ফুকনে এনেদৰে কয়।
আনহাতে, মঙলবাৰে বিয়লি যোৰহাটত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যোৰহাট বি এড কলেজত স্থাপন কৰা মডেল ভেকচিনেছন চেণ্টাৰটো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। যোৰহাটত শেহতীয়াকৈ কোভিড সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও শেহতীয়া সকলো তথ্য বিশ্লেষণ কৰি লকডাউন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, যোৰহাটত কোভিড সংক্ৰমিত ব্যক্তিৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে অন্যান্য ৰোগত আক্ৰান্ত হৈয়ো কোভিড সংক্ৰমিত লোকৰ মৃত্যু হৈছে। আনহাতে, কোভিড নিগেটিভ হোৱাৰ পিছটো একাংশ লোকৰ মৃত্যু হৈছে। সেয়েহে চৰকাৰে এই বিষয় দুটাৰ ওপৰত দৃষ্টি ৰাখি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ক্ৰমাগত ভাৱে সংক্ৰমণৰ হাৰ কমি অহাৰ ধাৰা অব্যাহত থাকিলে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা কম। কিন্তু সেয়া সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰিছে চৰকাৰৰ পৰ্যালোচনা বৈঠকৰ ওপৰত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 23, 2021, 08:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|