মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰে আলোচনা মৰ্মে চিকিৎসাৰ আশ্বাস

প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰে আলোচনা মৰ্মে চিকিৎসাৰ আশ্বাস

 মুনীন বৰকটকী বঁটা বিজয়ী যুৱ সাহিত্যিকগৰাকী  Spinal Muscular Atrophy (SMA) নামৰ ৰোগত আক্ৰান্ত।

মুনীন বৰকটকী বঁটা বিজয়ী যুৱ সাহিত্যিকগৰাকী Spinal Muscular Atrophy (SMA) নামৰ ৰোগত আক্ৰান্ত।

মুনীন বৰকটকী বঁটা বিজয়ী যুৱ সাহিত্যিকগৰাকী Spinal Muscular Atrophy (SMA) নামৰ ৰোগত আক্ৰান্ত।

  • Share this:

ৰহাৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা, বিশেষভাৱে সক্ষম শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা শৰ্মিষ্ঠা প্ৰীতম বৰ্তমান ৩৫ বছৰীয়া। বহু চিকিৎসা কৰিও ভাল নহ'ল শৰ্মিষ্ঠা। বিছনা আৰু হুইল চেয়াৰখনেই সংগী হৈ পৰিছিল শৰ্মিষ্ঠাৰ। মানসিকভাৱে প্ৰবল শক্তিশালী শৰ্মিষ্ঠাই হুইল চেয়াৰত বহিয়ে ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী ল'লে। ইয়াৰ লগতে কিতাপক সংগী কৰি সৃষ্টি কৰি গ'ল ইখনৰ পিছত সিখন গ্ৰন্থ। লগতে লাভ কৰিলে বহু পুৰস্কাৰ।


শেহতীয়াকৈ শৰ্মিষ্ঠাই Spinal Muscular Atrophy (SMA) নামৰ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। পূৰ্বতে এই ৰোগৰ কোনো ঔষধ নাছিল যদিও শেহতীয়াকৈ ভাৰতত এই ৰোগৰ ঔষধ উপলব্ধ হৈছে। কিন্তু এই ঔষধৰ মূল্য অত্যধিক। বছৰত প্ৰায় ৭২ লাখ টকাৰ ঔষধৰ প্ৰয়োজন আৰু চিকিৎসকৰ মতে পাঁচ বছৰীয়া চিকিৎসা ল'ব লাগিব শৰ্মিষ্ঠাই আৰু খৰচ হ'ব প্ৰায় তিনি কোটি ষাঠি লাখ টকা।


শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয়বহুল চিকিৎসাৰ বাবেই থমকি ৰ'ব লগা হৈছে। ফলত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছিল শৰ্মিষ্ঠাই। শৰ্মিষ্ঠাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে শৰ্মিষ্ঠাৰ ঘৰত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে শৰ্মিষ্ঠাৰ স্বাস্থ্য তথা ৰোগৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰে আলোচনা কৰি শৰ্মিষ্ঠাৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে চৰকাৰী সাহায্য  অবিহনে শৰ্মিষ্ঠাৰ ব্যয়বহুল চিকিৎসা সম্ভৱ নহ'ব। সেয়ে চৰকাৰে প্ৰতিভাৱান সাহিত্যিকগৰাকীৰ চিকিৎসা কৰাই সুস্থ কৰি তুলিবলৈ সকলোৱে আহ্বান জনাইছে।





উল্লেখ্য, শৰ্মিষ্ঠাৰ সৃষ্টিৰাজিৰ বাবেই ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৬ চনত ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা, ২০১৭ চনত গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭ চনতে দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০২০ চনৰ অক্লান্ত উত্তৰ পুৰুষ বঁটাৰ লগতে কেইবাটাও জলপানি লাভ কৰি ৰাজ্যৰ সাহিত্য জগতত চিনাকি নাম হৈ পৰিল শৰ্মিষ্ঠা।

শেহতীয়া বাতৰি