আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভৰ পিছতে সৰ্বানন্দ সোণোৱালে প্ৰথমবাৰ ৰাজ্যত ভৰি দিয়াৰ পিছতে ৰাজ্যৰ বহুকেইখন জিলাক সামৰি ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা। কিন্তু তেনে সময়তে গুৱাহাটী মহানগৰীৰ কোৰোণা পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
ইফালে গুৱাহাটী মহানগৰবাসীক কোৰোণাৰ বিৰুদ্ধে সজাগ সচেতন হ'বলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অন্যথা চৰকাৰ কঠোৰ হ'বলৈ বাধ্য হ'ব চৰকাৰ তথা প্ৰশাসন। গুৱাহাটী মহানগৰীৰ এনে পৰিস্থিতিৰ মাজত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা আশীৰ্বাদ যাত্ৰাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীক প্ৰশ্ন কৰে সাংবাদিকে। কিন্তু সাংবাদিকৰ প্ৰশ্নত চালে বেৰে কোৱাই উত্তৰ দি সংবাদমেল ত্যাগ কৰে কেশৱ মহন্তই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 21, 2021, 11:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।