உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid19 Vaccination in Assam : কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই লোৱা নাই ক'ভিড ভেকচিন, উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

    Covid19 Vaccination in Assam : কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই লোৱা নাই ক'ভিড ভেকচিন, উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

    ল্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

    ল্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

    Covid19 Vaccination in Assam : কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত সম্পূৰ্ণ হোৱা নাই ১০০ শতাংশ ভেকচিন প্ৰদান ।

    • Share this:
    সমগ্ৰ ৰাজ্যত ভেকচিন প্ৰদান কাৰ্য তীব্ৰ কৰি তোলাৰ সময়তো কাৰ্বি আংলঙত বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই ক'ভিড ভেকচিন নোলোৱা প্ৰসংগক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।দুৰ্গম যাতায়ত আৰু প্ৰচাৰৰ অভাৱৰ বাবে কাৰ্বি আংলঙত নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই ১০০ শতাংশ ভেকচিন প্ৰদান। সেয়ে কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰি ১০০ শতাংশ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ ডিফুত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

    উল্লেখ্য যে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত সম্পূৰ্ণ হোৱা নাই ১০০ শতাংশ ভেকচিন প্ৰদান ।  কাৰ্বি আংলঙত ১৯২খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০শতাংশ ভেকচিন প্ৰদান। ১৭৫ গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান কৰা হৈছে। কিন্তু৭৫খন গাঁৱত ৫০ শতাংশতকৈও কম ভেকচিন প্ৰদান কৰা হৈছে।

    ডিফুত উপায়ুক্ত কাৰ্যালয়ত এই সন্দৰ্ভত স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন, স্বায়ত্ত পৰিষদৰে বৈঠকত অংশ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। জিলাখনত ১০০টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিন প্ৰদান অভিযান । ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে ভেকচিন প্ৰদান কৰিব। ইতিমধ্যে চুবুৰীয়া জিলাসমূহৰ পৰা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ৩৭টা দল কাৰ্বি আংলঙত উপস্থিত হৈছে

    সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে সাধাৰণ লোক বাদেই কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই লোৱা নাই ক'ভিড ভেকচিন। মানজা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিলে এই কথা। স্বাস্থ্যমন্ত্ৰীৰ সকিয়নী- ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ নিদিলে নাপাব দৰমহা।

    মানজাৰ পাছতেই মন্ত্ৰীগৰাকী ৰাওনা হয় বকলীয়াঘাট, ডকমকা, টুমপ্ৰেং, ডংকামোকাম আদি অঞ্চললৈ। তাতো স্বাস্থ্য কৰ্মী, গাঁওবুঢ়া, স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । স্বাস্থ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: