শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ জৰিয়েত ৰাজ্যত কোৰোণাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী অধিক দ্ৰুতগতিত আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনাই মন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ জৰিয়েত ৰাজ্যত কোৰোণাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী অধিক দ্ৰুতগতিত আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনাই মন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ জৰিয়েত ৰাজ্যত কোৰোণাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী অধিক দ্ৰুতগতিত আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনাই মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কোৱা মতে, ৰাজ্যত প্ৰতিদিনে ৫০ হাজাৰ লোকক ভেকচিন প্ৰদান কৰি থকা হৈছে। কিন্তু এই সংখ্যা এতিয়া ৭০ হাজাৰলৈ বৃদ্ধি কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে। সেইদৰে কামৰূপ(মেট্ৰ), নগাওঁ, শোণিতপুৰ, ডিব্ৰুগড়, কাছাৰ, তিনিচুকীয়া জিলাত ব্যাপক বাবে ভেকচিন প্ৰদানৰ আঁচনি হাতত লোৱা হৈছে।
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনাই যে, 'ৰাজ্যত কোৰোণাৰ প্ৰথম ডোজ ভেকচিন হিচাপে আৰু দিয়া নহ'ব কোভাক্সিন। কোভাক্সিনৰ চাপ্লাই হ্ৰাস পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইদৰে অতিৰিক্ত ভাবে যিমানখিনি কোভাক্সিন বাকী আছে, সেয়া দ্বিতীয় ডোজৰ বাবে ৰখা হ'ব। কিন্তু কোভিশ্বিল্ডৰ নাটনি হোৱা নাই। গতিকে কোভিশ্বীল্ড প্ৰদান কৰা হ'ব। প্ৰথম ডোজ ভেকছিনৰ পিছত দ্বিতীয় ডোজ লোৱাৰ সময় ৪২ দিন। এসপ্তাহৰ ভিতৰত আৰু ৫০ হাজাৰ ভেকচিন লাভ কৰিব ৰাজ্যই। ডেৰ লাখ কোভাক্সিন ভেকচিনৰ জৰিয়তে ভেকচিনটোৰ দ্বিতীয় ডোজ সম্পূৰ্ণ হ'ব।'
সেইদৰে মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত কোভিশ্বীল্ডৰ অভাৱ হোৱা নাই বুলি জনোৱাৰ লগতে এতিয়াৰ পৰা প্ৰথম ডোজ হিচাপে কেৱল কোভিশ্বীল্ড দিয়া হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে ভেকচিনৰ পৰা কোনো যা'তে বাদ নপৰে তাৰ বাবে সৰলীকৰণ নীতি গ্ৰহণ কৰা হৈছে বুলি সংবাদমেলত জনাই কেশৱ মহন্তই। মন্ত্ৰীগৰাকীৰ মতে, আজিৰ তাৰিখত ৰাজ্যত কোভিশ্বীল্ড ৩:২লাখ আৰু কোভাক্সিন ২০ হাজাৰ মজুত আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|