জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। জনতা ভৱনত পৰা ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ব্যক্তিগত খণ্ডৰ হাস্পতালত কোৰোণা চিকিৎসাৰ বাবে সৰ্বাধিক মাছুল চৰকাৰে নিৰ্ধাৰণ কৰিছে বুলি জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
সংবাদমেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জনাই যে,
ব্যক্তিগত খণ্ডৰ হাস্পতালৰ ক্ষেত্ৰত চৰকাৰে কেতবোৰ সিদ্ধান্ত লৈছে। ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ জেনেৰেল ৱাৰ্ডত কোভিড চিকিৎসাৰ বাবে সৰ্বাধিক ল'ব পাৰিব ৫ হাজাৰ টকা। সেইদৰে জেনেৰেল হাস্পতালে চাৰি হাজাৰ টকাৰ ওপৰত ল'ব নোৱাৰিব ৷
ছুপাৰস্পেছিয়েলিটি হাস্পতালৰ কেবিনত ৬৫০০টকা, ICUত দহ হাজাৰ টকা, ICU সহ ভেণ্টিলেছনত পোন্ধৰ হাজাৰ টকা। জেনেৰেল হাস্পতালত কেবিনত ৫০০০ টকা, ICUত ৯০০০ টকা, ICU সহ ভেণ্টিলেছনত বাৰ হাজাৰ টকা ল'ব পাৰিব। এই নিয়ম অমান্য কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।
এই মাছুলৰ ভিতৰতে সোমাই থাকিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্জ, বেড চাৰ্জ, বৰ্ডিং চাৰ্জ, নাৰ্ছিং চাৰ্জ, কনচাল্টটেণ্ট চাৰ্জ, RMO MD, এনাচথেটিক, চাৰ্জন, ব্লাড টেন্সফিউশ্যন, অক্সিজেন চাৰ্জ, মেডিচিন এণ্ড ড্ৰাগছ এচ ট্ৰিটমেণ্ট প্ৰ'টকল, পেথলজী এণ্ড ৰেডিওলজী, , টেষ্ট চাৰ্জ, মেডিকেল প্ৰচিডিয়ৰ লগতে ডাইগনষ্টিক চাৰ্জ যেনে, X-Ray, USG, Hematology, Pathology।
কিন্তু অতিৰিক্ত চাৰ্জ ল'ব পাৰিব- CT Scan, Heart CT Scan, D Dimer পৰীক্ষা, High Medicine যেনে Remdesivir, Tositumomabৰ লগতে আনুসংগিক ৰোগৰ জটিলতা থকা ৰোগী যেনে, কিডনী, হাৰ্ট, ডায়েবেটিক, কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত অতিৰিক্ত চাৰ্জ ল'ব পাৰিব।
আনহাতে ব্যক্তিগতখণ্ডৰ হাস্পতালতো ৰাইজে যাতে কোৰোণা ভেকচিন লব পাৰে, তাৰো ব্যৱস্থা কৰিছে চৰকাৰে। ভেকচিন ক্ৰয়ৰ বাবে সুত বিহীন ঋন ব্যক্তিগত হাস্পতালক দিব চৰকাৰে ৷ ৩ মাহৰ বাবে দিয়া হ'ব এই ঋণ। এই ভেকচিন বিনামূলীয়া নহ'ব। কিন্তু অতিৰিক্ত মূল্য ল'ব নোৱাৰিব। সেইদৰে কোভিডৰ ঔষধৰ দাম MRPৰ মতেহে ল'ব পাৰিব।
সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন গুৰুত্বপূৰ্ণ ঘোষণাঃ
আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰীৰ সৈতে এক দীঘলীয়া পৰ্যালোচনা কৰা হয় কোভিড পৰিস্থিতিকলৈ ৷ ইতিমধ্যে কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে ৷ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে ৷ আন্তঃজিলাৰ যাতায়ত বন্ধ হৈ আছে ৷ ৰাইজে সহযোগ কৰিছে ৷ সেয়ে হ্ৰাস পাইছে ৷ ৭ জুনলৈ কোভিড বিধি বলবৎ থাকিব ৷ ৭ জুনত আমি সেই সন্দৰ্ভত সিদ্ধান্ত লম।
৫০ বছৰৰ ওপৰৰ বয়সৰ লোকক হোম আইছোলেছন কৰা নহ'ব ৷ চিকিৎসালয়ত বেলেগ বেমাৰৰ লক্ষণ থকা সকলো বয়সৰ ৰোগীকে ৰখা হ'ব।
শিশুৰ বাবে ICU নিৰ্মাণ কৰা হ'ব প্ৰতিখন মেডিকেল কলেজ হাস্পতালত। সেইদৰে জিলাৰ হাস্পতালত শিশুৰ বাবে কমেও ৫০০ বিচনা যুক্ত ICU নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।
প্ৰতিদিনে ৭০ হাজাৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। কামৰূপ(মেট্ৰ), নগাওঁ, শোণিতপুৰ, ডিব্ৰুগড়, কাছাৰ, তিনিচুকীয়া জিলাত ব্যাপক বাবে ভেকচিন প্ৰদানৰ আঁচনি হাতত লোৱা হৈছে।
বয়োজ্যেষ্ঠ লোক বহুতে ভেকছিন ল'বলৈ যাব পৰা নাই ৷ সেইসকলৰ বাবে তেওঁলোকৰ ঘৰৰ ওচৰলৈ গৈ ভেকছিন দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷
প্ৰথম পালি ভেকচিন হিচাপে কোভাক্সিন আৰু দিয়া নহ'ব। দ্বিতীয় ডোজৰ বাবে ৰখা হ'ব। কিন্তু কোভিশ্বিল্ডৰ নাটনি হোৱা নাই। গতিকে এতিয়াৰ পৰা প্ৰথম ডোজ হিচাপে কোভিশ্বীল্ড প্ৰদান কৰা হ'ব। প্ৰথম ডোজ ভেকছিনৰ পিছত দ্বিতীয় ডোজ লোৱাৰ সময় ৪২ দিন।
Published by: Himangshu Bhuyan
First published: June 04, 2021, 15:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|