মুখ্যপৃষ্ঠা »খবৰ »অসম »যিসকলৰ এনড্ৰইড ম’বাইল নাই, তেওঁলোকে ভেকচিনৰ বাবে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন? – ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই?

যিসকলৰ এনড্ৰইড ম’বাইল নাই, তেওঁলোকে ভেকচিনৰ বাবে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন? – ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই?

চৰকাৰে ভেকচিন সন্দৰ্ভত নতুন এছঅ'পিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়িছে।

চৰকাৰে ভেকচিন সন্দৰ্ভত নতুন এছঅ'পিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়িছে।

চৰকাৰে ভেকচিন সন্দৰ্ভত নতুন এছঅ'পিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়িছে।

  • Share this:
বৃহস্পতিবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হঠাৎ উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকী চিকিৎসালয়খনত উপস্থিত হৈ ইয়াত চলি থকা কোভিড ৰোগীসকলৰ চিকিৎসাৰ বিষয়ে বুজ লয়। লগতে JMCHত কোভিড ৰোগীৰ চিকিৎসাৰ বাবে নতুনকৈ সংযোজন হ’বলগা ২০খন আইচিইউ বিচনা আৰু ১০০খন অক্সিজেনযুক্ত বিচনাৰ কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য এয়া হৈ উঠিলে JMCHত কোভিড আইচিইউ বিচনাৰ সংখ্যা হ’বগৈ ৭৭খন আৰু অক্সিজেনযুক্ত বিচনাৰ সংখ্যা হবগৈ ৩৫৩খন।

আনহাতে, শেহতীয়াকৈ কোভিড ৰোগীৰ চিকিৎসাৰ নামত একাংশ ব্যক্তিগত চিকিৎসালয়ত লুণ্ঠন চলাই অহা সন্দৰ্ভত দুই-এদিনৰ ভিতৰতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত চিকিৎসালয়সমূহত মাচুলৰ পৰিমাণৰ এক সীমা নিৰ্ধাৰণ কৰি নাৰ্চিংহোমসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে শীঘ্ৰে এক নিৰ্দেশনা জাৰি কৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ইয়াৰ বাবে একাংশ ব্যক্তিগত চিকিৎসালয়ৰ গৰাকীৰ সৈতে আলোচনা হৈ গৈছে আৰু দুই-এদিনৰ ভিতৰতে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহ প্ৰকাশ পাব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অনলাইন ৰেজিষ্ট্ৰেচন পদ্ধতিৰে ভেকচিন প্ৰদান পদ্ধতিত সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে নতুন পদ্ধতি বলৱৎ কৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকী। চৰকাৰে ভেকচিন সন্দৰ্ভত নতুন এছঅ'পিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়িছে। ইয়াৰ ফলত অনলাইন ৰেজিষ্ট্ৰেচনৰ জৰিয়তে ভেকচিন ল’বলৈ গৈ সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ সুবিধা হ’ব। হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা একাংশ লোক যাৰ কোনো পৰিচয় পত্ৰ নাই, চাহ বাগিচাৰ শ্ৰমিকসকল তথা এনেধৰণৰ বহু লোক যাৰ এনড্ৰইড মোবাইল ফোন নাই পঞ্জীয়নৰ বাবে, সেইসকল লোকে যাতে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ভেকচিন ল’ব পাৰে তাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি