মুখ্যপৃষ্ঠা »খবৰ »অসম »কেতিয়া বিদ্যালয়ত আৰম্ভ হ'ব নৱম-দশম শ্ৰেণীৰ পাঠদান? জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

কেতিয়া বিদ্যালয়ত আৰম্ভ হ'ব নৱম-দশম শ্ৰেণীৰ পাঠদান? জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

বুধবাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

বুধবাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

  • Share this:
কেতিয়া বিদ্যালয়ত আৰম্ভ হ'ব নৱম আৰু দশম শ্ৰেণীৰ পাঠদান? বুধবাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী মহন্তৰ মতে বৰ্তমান নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান বিদ্যালয়ত আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা নাই।

আজিৰ দিনটোত দুধনৈত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। নতুনকৈ স্থাপন হ’বল’গীয়া আয়ুৰ্বেদিক চিকিৎসালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খন অতি শীঘ্ৰে আয়ুৰ্বেদিক মহাবিদ্যালয়লৈ উন্নীতকৰণৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খন চোৱাচিতাৰ বাবে আজিৰ পৰাই দুজন চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিবলৈ জিলা উপায়ুক্তক নিৰ্দেশো দিয়ে মন্ত্ৰীগৰাকীয়ে। ইফালে  দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ৰ কাষতে স্থাপন হ’বল’গীয়া আয়ুৰ্বেদিক কলেজৰ বাবে ১৫৬ বিঘা ভূমিৰ ক্ষেত্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ অতি শীঘ্ৰে চিকিৎসালয়খনক মহাবিদ্যালয়লৈ উন্নীত কৰণ কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি