গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় 'হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ' (চিএন চেণ্টাৰ)ত আজি এটা অত্যাধুনিক অক্সিজেন উৎপাদন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
বিভিন্ন বহুজাতিক প্ৰতিষ্ঠান 'বায়াৰ'-এ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অৰ্থ-সাহাৰ্যৰে স্থাপন কৰা এই 'প্ৰেছাৰ ছুইং এডছ'ৰপচন (পিএছএ) অক্সিজেন প্ৰকল্পটোৰ জৰিয়তে এতিয়াৰে পৰা প্ৰতি মিনিটত ৫০০ লিটাৰ মেডিকেল অক্সিজেন চিএন চেণ্টাৰত উৎপাদন হ'ব। এই উপলক্ষে চিএন চেণ্টাৰৰ প্ৰেক্ষাগৃহত বুধবাৰে দুপৰীয়া আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই হৃদৰোগ তথা স্নায়ুৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ এই একমাত্ৰ ছুপাৰস্পেচিয়েলিটি হাস্পতালখনলৈ মেডিকেল অক্সিজেন উৎপাদন প্ৰকল্পটো চিএছআৰ আঁচনিৰ অধীনত উপহাৰ হিচাপে আগবঢ়োৱাৰ বাবে বহুজাতিক প্ৰতিষ্ঠান 'বায়াৰ'ৰ শলাগ লয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য, বায়াৰ ফাউণ্ডেচনৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী ৰাস্না পাণ্ডা, প্ৰতিষ্ঠানটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা গোটৰ মূৰব্বী সবিতা বেহল, অক্সিজেন উৎপাদন প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'লেবাৰনেট'ৰ সঞ্চালিকা ডাঃ গায়ত্ৰী বসুদেৱন, চি এন চেন্টাৰৰ প্ৰশাসনিক বিষয়া ডাঃ সঞ্জীৱ মেধিৰ লগতে জিএমচিএইচ আৰু চিএন চেন্টাৰৰ বিভাগীয় মূৰব্বী অধ্যাপক- চিকিৎসকসকল এই অনুষ্ঠানত উপস্থিত থাকে। মন্ত্ৰী মহন্তই ৰাজ্যখনৰ চিকিৎসা সেৱা তথা স্বাস্থ্যখণ্ডক অত্যাধুনিক কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে চলোৱা আন্তৰিক প্ৰয়াসৰ এক অন্যতম সুফল ৰূপে চিএন চেণ্টাৰক অভিহিত কৰে। যোৱা বছৰৰ ৯ মে'ত শুভাৰম্ভ হোৱা চিএন চেণ্টাৰে বিগত এঘাৰ মাহত আশানুৰূপ দিশত আগবাঢ়িবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মাৰ্গ-দৰ্শনত ৰাজ্যৰ স্বাস্থ্যখণ্ডক বিকশিত কৰিবলৈ অব্যাহত ৰখা আন্তৰিক প্ৰচেষ্টাৰ অংশ হিচাপে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীত নিৰ্মাণ কৰি তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় অহা ১৪ এপ্ৰিলত এইমছৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব বুলি ঘোষণা কৰে। একেদৰে, চলিত বৰ্ষতে শিলচৰ, যোৰহাট, তেজপুৰ, বৰপেটা, ডিফু আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, ছখন ছুপাৰস্পেচিয়েলিটী চিকিৎসালয় আৰু ধুবুৰীসহ নখন চিকিৎসা মহাবিদ্যালয়ত এখনকৈ নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰিবলৈও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 29, 2023, 20:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।