মুখ্যপৃষ্ঠা »খবৰ »অসম »নতুন দিল্লীত সেৱাৰত অসমৰ চিকিৎসকসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

নতুন দিল্লীত সেৱাৰত অসমৰ চিকিৎসকসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ নতুন নতুন বিভাগত চুপাৰস্পেচিয়েলিটী পাঠ্যক্ৰম মুকলিৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় আদি বিষয়ত আলোচনা মন্ত্ৰী কেশৱ মহন্তৰ

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ নতুন নতুন বিভাগত চুপাৰস্পেচিয়েলিটী পাঠ্যক্ৰম মুকলিৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় আদি বিষয়ত আলোচনা মন্ত্ৰী কেশৱ মহন্তৰ

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ নতুন নতুন বিভাগত চুপাৰস্পেচিয়েলিটী পাঠ্যক্ৰম মুকলিৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় আদি বিষয়ত আলোচনা মন্ত্ৰী কেশৱ মহন্তৰ

  • Share this:
নতুন দিল্লীত সেৱাৰত অসমৰ চিকিৎসকসকলৰ সৈতে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে সন্ধিয়া দিল্লীৰ আছাম হাউছত এখন বৈঠকত মিলিত হৈ অসমৰ চিকিৎসা তথা স্বাস্থ্য খণ্ডক অধিক বিকশিত কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ নতুন নতুন বিভাগত চুপাৰস্পেচিয়েলিটী পাঠ্যক্ৰম মুকলিৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় আদিতো গুৰুত্বপূৰ্ণ প্ৰতিটো বিভাগৰে বিশ্বমানৰ ছুপাৰস্পেচিয়েলিটী সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰ বাবে চিকিৎসক আৰু চিকিৎসা বিষয়া সকলক আহ্বান জনায়।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অসমত স্বাস্থ্য সেৱা ব্যৱস্থাৰ গুনগত মান আৰু আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন সাধনৰ বাবে লোৱা কাৰ্যব্যৱস্থাৱলীৰ লগতে ৰাজ্যখনত নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ ঘটোৱাৰ বিষয়েও তেওঁলোকক অৱগত কৰে। অসমৰ কৰ্কট ৰোগ, হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত লোকসকলৰ বাবে ইতিমধ্যে বিশ্বমানৰ আন্তঃগাঠনি আৰু চিকিৎসা যন্ত্ৰ-পাতিৰে বিভিন্ন জিলাত অত্যাধুনিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ দৰে ছুপাৰস্পেচিয়েলিটি হস্পিতাল মুকলিৰ প্ৰসংগ উল্লেখ কৰে। লগতে এই ধৰণৰ উন্নত, অত্যাধুনিক চিকিৎসালয়ৰ বাবে পৰ্যন্ত সংখ্যক চিকিৎসা বিশেষজ্ঞৰ প্ৰয়োজন হোৱাৰ ক্ষেত্ৰত তেওঁ ৰাজ্যৰ বাহিৰত সেৱাৰত চিকিৎসা বিশেষজ্ঞসকলৰ সহযোগিতা কামনা কৰে। তদুপৰি, আজিৰে পৰা তিনিদিনীয়াকৈ অসম চৰকাৰে আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অসম চৰকাৰৰ হৈ এই বৈঠকতে চিকিৎসকসকলক তেওঁ আমন্ত্ৰণ জনায়৷

উল্লেখ্য যে, এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীও উপস্থিত থাকে।

শেহতীয়া বাতৰি