কলিয়াবৰৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ড আৰু কলিয়াবৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত সোমবাৰে বিয়লি চৰকাৰী সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই।
কলিয়াবৰৰ কুঁৱৰীটোলস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত কলিয়াবৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ড আৰু কলিয়াবৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ সৌজন্যত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকলৰ মাজত চিলাই মেচিন, ৰন্ধন গেছৰ ষ্ট'ভ, প্ৰেচাৰ কুকাৰ, ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী, ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই।
সামগ্ৰী বিতৰণ অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত মন্ত্ৰী কেশৱ মহন্তই কয়- ''ৰাজ্য চৰকাৰে আগবঢ়োৱা এই পদক্ষেপে মহিলা হিতাধিকাৰীসকলক যথেষ্ট উপকৃত কৰিব৷ এই সামগ্ৰীসমূহৰ জৰিয়তে হিতাধিকাৰীসকলে দৈনন্দিন জীৱন যাপনত উপকৃত হোৱাৰ লগতে আত্মনিৰ্ভৰশীল হিচাপে প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব।
অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি, মহকুমা কল্যাণ বিষয়া, দণ্ডাধীশ ক্ৰমে ভূপালী কাশ্যপ, দেবসেনা বৰ্মন, ৰাজনিচান শৰ্মাৰ লগতে অন্যান্য পিছপৰা উন্নয়ন বোৰ্ডৰ অধ্যক্ষ, অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষা, ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতিদ্বয়, অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদকে অংশগ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|