মুখ্যপৃষ্ঠা »খবৰ »অসম »Corona 3rd Wave: 'অসমত অহা নাই কোৰোণাৰ তৃতীয় ঢৌ'- নগাঁৱত স্পষ্টকৈ জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

Corona 3rd Wave: 'অসমত অহা নাই কোৰোণাৰ তৃতীয় ঢৌ'- নগাঁৱত স্পষ্টকৈ জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

অসমৰ সকলো জিলা সদৰতে স্থাপন কৰা হ'ব আৰটিপিচিআই টেষ্টৰ লেবৰটৰী

অসমৰ সকলো জিলা সদৰতে স্থাপন কৰা হ'ব আৰটিপিচিআই টেষ্টৰ লেবৰটৰী

অসমৰ সকলো জিলা সদৰতে স্থাপন কৰা হ'ব আৰটিপিচিআই টেষ্টৰ লেবৰটৰী

  • Share this:
"অসমত অহা নাই কোভিডৰ তৃতীয় ঢৌ। ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই"- নগাঁৱত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। আজি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত কোভিডৰ তৃতীয় ঢৌৰ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, " কোভিডৰ প্ৰথম ঢৌত অসমত ৮ শতাংশ শিশু আক্ৰান্ত হৈছিল, দ্বিতীয় ঢৌত অসমত ১২শতাংশ শিশু আক্ৰান্ত হৈছে। নগাঁৱতো একে ধৰণেই শিশু আক্ৰান্ত হৈছে। তৃতীয় ঢৌৰ বিষয়ে সৃষ্ট খবৰ সঁচা নহয়।"

উল্লেখযোগ্য যে, সোমবাৰে দিনৰ ১১ বজাত নগাঁৱত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ম'হখুলিত নিৰ্মীয়মান অৱস্থাত থকা নগাঁও মেডিকেল কলেজ হাস্পতালৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ইতিমধ্যে ৬৮শতাংশ কাম সম্পূৰ্ণ হোৱা এনএমচিএইচৰ শিক্ষাবৰ্ষ অহা বছৰৰ পৰা আৰম্ভ হ'ব বুলিও  ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পিছতে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলকলৈ এখন বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। বৈঠকৰ পিছতে উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, অহা সপ্তাহৰ পিছৰে পৰা নগাঁও আৰু ধুবুৰী জিলাতো আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰিব পৰা যাব। নগাঁও আৰু ধুবুৰীৰ লগতে অসমৰ প্ৰতিখন জিলা সদৰতে স্থাপন কৰা হ'ব আৰটিপিচিআৰ টেষ্টৰ লেবৰটৰী।

শেহতীয়া বাতৰি