• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli : শিশুশিল্পী তেজস্বিতাৰ ঘৰত কেশৱ মহন্ত, পিতৃয়ে কান্দি কান্দি প্ৰকাশ কৰে– ''ভুল চিকিৎসাই মোৰ ছোৱালীক মাৰি পেলালে...’

Majuli : শিশুশিল্পী তেজস্বিতাৰ ঘৰত কেশৱ মহন্ত, পিতৃয়ে কান্দি কান্দি প্ৰকাশ কৰে– ''ভুল চিকিৎসাই মোৰ ছোৱালীক মাৰি পেলালে...’

অতিৰিক্ত উপায়ুক্ত বিপুল দাসে প্ৰাথমিক তদন্তত কোনো গাফিলতিৰ প্ৰমাণ নাপালে

অতিৰিক্ত উপায়ুক্ত বিপুল দাসে প্ৰাথমিক তদন্তত কোনো গাফিলতিৰ প্ৰমাণ নাপালে

অতিৰিক্ত উপায়ুক্ত বিপুল দাসে প্ৰাথমিক তদন্তত কোনো গাফিলতিৰ প্ৰমাণ নাপালে

  • Share this:
মাজুলীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতাৰ অকাল মৃত্যুৱে সকলোকে ম্ৰিয়মাণ কৰাৰ সমান্তৰালভাৱে মাজুলীৰ চিকিৎসা ব্যৱস্থাক লৈ ৰাইজৰ মাজত উত্থাপন হৈছে প্ৰশ্ন। এই সন্দৰ্ভত প্ৰাথমিক তদন্তত চিকিৎসাত কোনো গাফিলতি পোৱা নাই বুলি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে মত প্ৰকাশ কৰে।

অতিৰিক্ত উপায়ুক্ত বিপুল দাসে প্ৰাথমিক তদন্তত কোনো গাফিলতিৰ প্ৰমাণ নাপালেও আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ সময়ত শিল্পীগৰাকীৰ পিতৃয়ে কান্দি কান্দি প্ৰকাশ কৰে– ''ভুল চিকিৎসাই মোৰ ছোৱালীক মাৰি পেলালে...।’

উল্লেখ্য, মাজুলীৰ প্ৰতিভাৱান ছাত্ৰী তেজস্বিতা বৰুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাজ্য চৰকাৰে মৃত্যুৰ ঘটনাৰ চৰজমিন খবৰ ল'বলৈ আজি দুপৰীয়া মাজুলীত উপস্থিত হৈছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। গুৱাহাটীৰ পৰা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগত আছিল এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস আৰু এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি