ৰহাৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতমে তেওঁ ভুগি থকা ৰোগ সন্দৰ্ভত জনাই ৰোগৰ চিকিৎসা সম্পৰ্কে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁৰ পত্ৰৰ পিছতেই ৰহাৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা তথা Spinal Muscular Atrophy নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ঘৰত উপস্থিত হ'লহি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta)।মঙলবাৰে বিয়লি মন্ত্ৰীগৰাকী শৰ্মিষ্ঠাৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু চৰকাৰীভাৱে কিদৰে চিকিৎসা প্ৰদান কৰিব পাৰি তাৰো চিন্তা-চৰ্চা কৰে। ইপিনে শৰ্মিষ্ঠাৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়-সহযোগ বিচাৰি প্ৰকাশ কৰা এখন প্ৰচাৰ পত্ৰও মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই।
উল্লেখযোগ্য যে মাত্ৰ পাঁচ বছৰ বয়সতে দুৰাৰোগ্য Spinal Muscular Atrophy নামৰ ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হোৱা শৰ্মিষ্ঠাই পৰৱৰ্তী সময়ত হুইল চেয়াৰতে থাকি স্নাতক ডিগ্ৰীলৈকে অধ্যয়ন কৰে আৰু সাহিত্য সৃষ্টিত মনোনিৱেশ কৰে। শৰ্মিষ্ঠাৰ কেইবাখনো গ্ৰন্থই ইতিমধ্যে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছে।
বিগত ত্ৰিশ বছৰে বিছনা আৰু হুইল চেয়াৰতে জীৱন অতিবাহিত কৰা শৰ্মিষ্ঠাই (Sarmistha Pritam) শেহতীয়াকৈ আশাৰ ৰেঙনি দেখিছে। এই ৰোগবিধৰ ঔষধ ওলাইছে। কিন্তু তিনি বছৰীয়া চিকিৎসাৰ বাবে বছৰি প্ৰয়োজন ৭০ লাখ অৰ্থাৎ তিনি বছৰত খৰচ হ'ব ২ কোটি ১০ লাখ টকা। কিন্তু পৰিয়ালে ইমান খৰচ বহন কৰিব নোৱৰাৰ বাবে চৰকাৰৰ লগতে সামাজিক মাধ্যমযোগে ৰাইজৰ সহায় বিচাৰিছিল।
সেইমতে ৰাইজেও সঁহাৰি জনাইছে আৰু প্ৰায় ২৫ লাখ টকাও সাহায্য উঠিছে। চৰকাৰী সাহায্য পালেই শৰ্মিষ্ঠা সম্পূৰ্ণ সুস্থ হৈ উঠাৰ আশা দেখিছে সকলোৱে। মঙলবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগতে শৰ্মিষ্ঠাৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাও উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|