স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নতুন ৰূপ। বিগত সময়ত ছাগে কোনোৱেই কেশৱ মহন্তক এনে ৰূপত দেখা নাছিল। কোৰোণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ সময়তে স্ৱাস্থ্য মন্ত্ৰীৰ দায়িত্ৱ লোৱা কেশৱ মহন্তক অতি তৎপৰ ৰূপত দেখাৰ পাছতে আজি মঙলদৈত দেখা গ’ল ৰুদ্ৰ ৰূপত।
মঙলদৈ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অৱস্থাত থকা দহখন বিছনাযুক্ত ICU পৰিদৰ্শন কৰি খং উঠিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। এবছৰ ধৰি সম্পূৰ্ণ হৈ নুঠা ICU এক সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিলে ঠিকাদাৰ, অভিযন্তা, জিলা প্ৰশাসনক।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসালয় পৰিদৰ্শন কৰাৰ উপৰিও মঙলদৈৰ অধিকাৰী আৰু কাঁইটপাৰা কণ্টেইনমেণ্ট জ'নত উপস্থিত হৈ এলেকাটোৰ বাসিন্দাসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে ।
ইয়াৰ পাছত দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীও বৈঠকত উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জিলাখনত নতুন দুখন কোভিড হাস্পতাল সাজু কৰিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক। ৫০ খন বিচনাযুক্ত দৰঙৰ কুঁৱৰী পুখুৰী আদৰ্শ চিকিৎসালয় আৰু দুনী আদৰ্শ চিকিৎসালয় কোভিড হাস্পতাল হিচাপে ৰূপান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|