• Home
  • »
  • News
  • »
  • assam
  • »
  • Low Blood Pressure: কম ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই খাদ্যসমূহ খালে দূৰ হ’ব লো ব্লাড প্ৰেছাৰৰ সমস্যা

Low Blood Pressure: কম ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই খাদ্যসমূহ খালে দূৰ হ’ব লো ব্লাড প্ৰেছাৰৰ সমস্যা

লো ব্লাড প্ৰেছাৰ কোনো জটিল ব্যাধি নহয়, ভালদৰে খোৱা–লোৱা কৰিলে ঠিক হৈ যায়। কি কি খালে দূৰ হয় লো ব্লাড প্ৰেছাৰৰ সমস্যা, চাওঁ আহক।

লো ব্লাড প্ৰেছাৰ কোনো জটিল ব্যাধি নহয়, ভালদৰে খোৱা–লোৱা কৰিলে ঠিক হৈ যায়। কি কি খালে দূৰ হয় লো ব্লাড প্ৰেছাৰৰ সমস্যা, চাওঁ আহক।

লো ব্লাড প্ৰেছাৰ কোনো জটিল ব্যাধি নহয়, ভালদৰে খোৱা–লোৱা কৰিলে ঠিক হৈ যায়। কি কি খালে দূৰ হয় লো ব্লাড প্ৰেছাৰৰ সমস্যা, চাওঁ আহক।

  • Share this:
স্বাভাৱিকতকৈ ৰক্তচাপ যেতিয়া কমি যায় তেতিয়া তাক লো ব্লাড প্ৰেছাৰ বা হাইপোটেনচন বুলি কোৱা হয়। নিম্ন ৰক্তচাপত ভুগিলে দেখা দিয়ে দৃষ্টিৰ অস্বচ্ছতা, মূৰ ঘূৰণি, অজ্ঞান হোৱা, বমি বমি ভাৱ, দুৰ্বলতা আদি লক্ষণে। কিছুমানৰ শ্বাস–প্ৰশ্বাসত কষ্ট হয় বা হাত–ভৰি ঠাণ্ডা হৈ আহে। লো ব্লাড প্ৰেছাৰ কোনো জটিল ব্যাধি নহয়, ভালদৰে খোৱা–লোৱা কৰিলে ঠিক হৈ যায়। কি কি খালে দূৰ হয় লো ব্লাড প্ৰেছাৰৰ সমস্যা, চাওঁ আহক।

নিমখ : নিমখে ৰক্তচাপ বৃদ্ধি কৰে। যিসকলৰ লো ব্লাড প্ৰেছাৰ আছে, তেওঁলোকে কিছু কিছুকৈ খোৱা বস্তুত নিমখ বা ছডিয়ামৰ পৰিমাণ বঢ়াই দিয়া উচিত।

পানী : লো ব্লাড প্ৰেছাৰৰ অন্যতম কাৰণ হ’ল ডিহাইড্ৰেচন। সেয়ে লো ব্লাড প্ৰেছাৰ থাকিলে পানী বা কোনো পানীয় পান কৰা উচিত। পানী কমকৈ খালে শৰীৰত ব্লাড ভলিউম কমি যায় আৰু ৰক্তচাপ কমি থাকে। চিকিৎসকসকলে কয় যে যিসকলৰ ৰক্তচাপ কম তেওঁলোকে দিনটোত অন্তত আঠ গিলাছ পানী খোৱা প্ৰয়োজন।

কেফেইন : কিছু সময়ৰ বাবে হ’লেও ৰক্তচাপ বৃদ্ধি কৰিবলৈ সক্ষম কেফেইন। কাৰণ কফি বা কেফেইনত মিশ্ৰিত যিকোনো পানীয়ই কাৰ্ডিঅ’ভাস্কুলাৰৰ পৰিমাণ বৃদ্ধি কৰে আৰু হৃদস্পন্দন বৃদ্ধি কৰে।

বি–১২ সমৃদ্ধ খাদ্য : শৰীৰত ভিটামিন বি ১২ৰ পৰিমাণ কম থাকিলে এনিমিয়া দেখা দিয়ে। আৰু তাৰ ফলত লো ব্লাড প্ৰেছাৰ হ’ব পাৰে। সেয়ে বি ১২যুক্ত শস্য, মাংস আৰু ইষ্টসমৃদ্ধ খাদ্য খাব লাগে।

ফোলেটযুক্ত খাদ্য : শৰীৰত ফোলেট কম থাকিলে লো ব্লাড প্ৰেছাৰ হ’ব পাৰে। সেয়ে বিন, ডাইল, সেউজীয়া পাতযুক্ত পাচলি, কণী আদি খাদ্য খাব লাগে।
Published by:Sanjay Kumar Das
First published: