ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কেভিড আক্ৰান্তৰ সংখ্যা। ক্ৰমাৎ কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয় সমূহত আই চি ইউৰ লগতে অক্সিজেনৰ নাটনি হৈছে। ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কেভিড আক্ৰান্তৰ সংখ্যা। ক্ৰমাৎ কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয় সমূহত আই চি ইউৰ লগতে অক্সিজেনৰ নাটনি হৈছে। ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কেভিড আক্ৰান্তৰ সংখ্যা। কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয় সমূহত আই চি ইউৰ লগতে অক্সিজেনৰ নাটনি হৈছে। এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে আন এক যুগান্তকাৰী পদক্ষেপ।
শেহতীয়াকৈ জি এম চি এইচৰ দুটাকৈ স্থানত নিৰ্মাণ কৰি থকা হৈছে লিকুইড অক্সিজেন টেংক। এই টেংক দুটা নিৰ্মাণ হ’লেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গুৰুতৰভাবে কোভিডত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব অক্সিজেন। জি এম চি এইচৰ চৌহদত এটা আৰু জি এম চি এইচৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে এই লিকুইড অক্সিজেন টেংক।
এই অক্সিজেন টেংকতে মজুত কৰি ৰখা হ’ব অক্সিজেন। তদুপৰি, এই টেংকৰ পৰাই নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ আই চি ইউ, প্ৰতিটো ৱাৰ্ডতে যোগান ধৰিব অক্সিজেন।অৰ্থাৎ এতিয়াৰে পৰা অক্সিজেন চিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপৰ জৰিয়তে ৰোগীয়ে পাব অক্সিজেন।
উল্লেখযোগ্য যে, এটা টেংকত থাকিব ৩০খনকৈ ট্ৰাকৰ গেছ। আনহাতে ১৫ ছেপ্তেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: September 12, 2020, 22:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|