অতিশয় সংকটজনক তৰুণ গগৈ, শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ বিকল, হিমন্ত বিশ্ব শৰ্মাই জনালে বাহিৰলৈ নিয়াৰ অৱস্থাত নাই গগৈ

News18 Assam | News18-Assam
Updated:November 21, 2020, 7:33 PM IST
অতিশয় সংকটজনক তৰুণ গগৈ, শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ বিকল, হিমন্ত বিশ্ব শৰ্মাই জনালে বাহিৰলৈ নিয়াৰ অৱস্থাত নাই গগৈ
বৰ্তমান ভেন্টিলেটৰত থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্য বুজ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ভেন্টিলেটৰত থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্য বুজ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগ এতিয়া বিকল হৈ পৰিছে। দীৰ্ঘ সময় ধৰি গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য শনিবাৰে দ্ৰুত অৱনতি ঘটিছে। বৰ্তমান এইমছৰ চিকিৎসকৰ তত্বাৱধানত চলি আছে তৰুণ গগৈৰ চিকিত্‍সা।

ইফালে বৰ্তমান তৰুণ গগৈক দিল্লীলৈ বা ৰাজ্যৰ বাহিৰলৈ নিয়াৰ অৱস্থাতো নাই।  পৰিয়ালৰ সৈতে আলোচনা কৰাৰ পিছত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালতে তৰুণ গগৈক চিকিৎসা কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ বিকল হৈ পৰা গগৈক কৃত্ৰিম জীৱনদায়িনী যন্ত্ৰৰ সহায়ত ৰখা হৈছে।

বৰ্তমান ভেন্টিলেটৰত থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্য বুজ লৈ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ৪৮ ঘণ্টা অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading