COVID 19ৰ সংহাৰ কমা নাই এতিয়াও ৷ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে সৈনিক হিচাপে যুঁজি আছে চিকিৎসক,নাৰ্ছকে ধৰি সকলো স্বাস্থ্যকৰ্মীয়ে ৷ মহামাৰী কোৰোণাত আক্ৰান্ত হৈছে খোদ চিকিৎসকো ৷ কিন্তু এই স্পৰ্শকাতৰ সময়ছোৱাত আতিশয্যৰ বলি হৈছে চিকিৎসককে ধৰি অন্যান্য স্বাস্থ্য কৰ্মী ৷ এই কথা পোহৰলৈ আহিছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডা৹ অমল কটকীৰ এটা আহ্বানত ৷
"আমাৰ বহু চিকিৎসা কৰ্মী গাওঁ আৰু চহৰত বাস কৰে ৷ কাম কৰি ঘুৰি যোৱাৰ পিছত তেওঁলোক সন্মুখীন হৈছে বিভিন্ন আতিশয্যৰ ৷ ক'ৰবাত যদি ভাড়া ঘৰৰ মালিকে মানসিক অত্যাচাৰ চলাইছে, আন ক'ৰবাত চুবুৰীয়াই ৷ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে আতিশয্য চলোৱা সকলৰ বিৰুদ্ধে ‘NATIONAL DISASTER MANAGEMENT ACT’ৰ অধীনত গোচৰ ৰুজু কৰাৰ কথা কোৱাৰ পিছতো এনে কিছুমান কাম চলি আছে ৷ ‘আমিও পৰৱৰ্তী সময়ত এনে হ'লে কঠোৰ হ'বলৈ বাধ্য হম ৷ চিকিৎসা কৰ্মী সকলে এনেবোৰ কাৰণত কাম কৰাত যথেষ্ট অসুবিধা পাইছে ৷"
ভিডিঅ'টোৰ যোগেদি ডা৹ কটকীয়ে সকলোৰে পৰা বিচাৰিছে সহযোগিতা ৷ যি সময়ত কোৰোণাৰ সেনানীক ছ্যেলুট জনোৱাৰ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়তে কিছু সংখ্যক লোকৰ মানসিকতাৰ বাবে হতাশ হৈছে সন্মুখৰ পৰা যুঁজ দিয়া সকল।