মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কলৰ সৈতে খাওক দৈ আৰু লগে লগে ফলাফল চাওক! স্বাস্থ্যৰ বাবে অতি উপকাৰী

কলৰ সৈতে খাওক দৈ আৰু লগে লগে ফলাফল চাওক! স্বাস্থ্যৰ বাবে অতি উপকাৰী

News18 Assam | News18-Assam
Updated:January 23, 2021, 10:59 AM IST
কলৰ সৈতে খাওক দৈ আৰু লগে লগে ফলাফল চাওক! স্বাস্থ্যৰ বাবে অতি উপকাৰী
কলৰ সৈতে যদি দৈ গাখীৰো গ্ৰহণ কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে অধিক লাভদায়ক হৈ পৰে।

কলৰ সৈতে যদি দৈ গাখীৰো গ্ৰহণ কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে অধিক লাভদায়ক হৈ পৰে।

  • Share this:
পুৱাই পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে অতি গুৰুত্বপূৰ্ণ। পুৱাৰ ব্ৰেকফাষ্টত বহুলোকে কল গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। কলৰ আছে বহু স্বাস্থ্যকৰ গুণাগুণ। কিন্তু কলৰ সৈতে যদি দৈ গাখীৰো গ্ৰহণ কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে অধিক লাভদায়ক হৈ পৰে।

  • কলত থাকে পটাছিয়াম। সেইদৰে দৈত আছে হাই প্ৰটিন। কলৰ সৈতে দৈ খালে মাংশপেশী সুগঠিত হয়। সেইদৰে শৰীৰত এমিন এচিডৰ অভাৱ দূৰ হয়।


  • দৈ শৰীৰৰ বাবে অত্যন্ত লাভদায়ক। বেক্টেৰিয়াৰ জৰিয়তে সাধিত ৰাসায়নিক পৰিৱৰ্তনৰ হেতুকে দৈতলেক্টজৰ পৰিমাণ কম হয় আৰু কেলচিয়াম-ফছফৰাছৰ হাৰ বৃদ্ধি পায়।

  • ইয়াৰ উপৰিও বেক্টেৰিয়াৰ বিপাকীয় কাৰ্যৰ ফলত দৈত দুবিধ ভিটামিন-বি১ আৰু বি২ ৰ পৰিমাণ গাখীৰতকৈ বেছি পোৱা যায় । এই দুবিধ ভিটামিনে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

  • দৈত যি লেক্টিক এচিডৰ উৎপত্তি ঘটে সি আমাৰ ক্ষুদ্ৰান্ত্ৰত গেলেক্টজ আৰু গ্লুক’জ নামৰ শক্তি উৎপাদানকাৰী উপাদানৰ সৃষ্টিত সহায় কৰে।

  • লগতে গ্ৰহণী, টাইফয়েড বা ডায়েৰীয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্তত থকা শ্লেষ্মা আৱৰণৰ যি ক্ষতি হয় তাৰো স্বাভাৱিককৰণত ই সহায় কৰে দৈয়ে।


  • এণ্টিবায়’টিক ঔষধ সেৱনৰ ফলত ৰোগীৰ ক্ষুদ্ৰান্তত থকা উপকাৰী বেক্টেৰিয়াৰ যি ক্ষতি হয় সেই ক্ষতি পূৰণতো দৈয়ে সহায় কৰে।

Published by: Himangshu Bhuyan
First published: January 23, 2021, 10:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি