'শুই উঠি অহা ছোৱালীজনীক সি কুকাৰেৰে মাৰিয়াই মাৰিলে। তেজীমলাৰ দৰে পটাগুটিৰে ছোৱালীজনীক সি মাৰি পেলালে। চুৰীৰে ১৮,১৯ বাৰ আঘাত কৰিছে। ছোৱালীজনী মৰাৰ পিছত সি তাইৰ পৰা মোবাইল ফোনটো কাঢ়ি লৈ ঘৰৰ পৰা ওলাই আহিছে। পিছত তেজ লাগি থকা মোবাইলটো থৈ সি মোৰ ওচৰলৈ আহিছে। অসুৰৰ দৰে ৰৈছে। মোহাকে ভনীয়েকৰ বাবে খোৱা বস্তু নিবলৈ তাৰ হাতত ৫০ টকা দিছে। কিন্তু সি পইচা ল'লে কিন্তু খোৱা বস্তু নানিলে। কাৰণ সি ইতিমধ্যে তাইক মাৰিয়েই পেলাইছে। পিছত মোৰ বাইদেউৱে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ডিম্পলক উদ্ধাৰ কৰে।'- এনেদৰে হত্যাকাণ্ডৰ সন্দৰ্ভত বৰ্ণনা কৰিলে ডিম্পলৰ মাতৃয়ে।
ডিম্পলৰ মাতৃয়ে লগতে কয় যে, 'সি বাপেকে ফ্লেট কিনিবলৈ থোৱা ৫ লাখ টকা চুৰি কৰি ড্ৰাগছ খাইছিল। কিন্তু কেইদিনমানৰ পৰা ড্ৰাগছ খাবলৈ পোৱা নাছিল। কিন্তু ভাং খাইছিল। তাৰ গাৰ্লফ্ৰেণ্ড আছিল। একেৰাহে তাক ফোনটো লাগেই। কিন্তু দেউতাকে তাৰ ফোনটো কাঢ়ি থৈছিল। ফলত সি মোবাইল ফোনৰ বাবে বলীয়াৰ দৰে হৈ পৰিছিল। ফলত ডিম্পলৰ ফোনটো সি খুজিছিল। কিন্তু ডিম্পলে তাইৰ ফোনটো তাক নিদিয়াৰ বাবেই হয়টো সি তাইক মাৰি পেলালে। আৰু তাইৰ পৰা মোবাইল ফোনটো কাঢ়ি লৈ সি ঘৰৰ পৰা ওলাই আহে।'
হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰি ডিম্পলৰ মাতৃয়ে কয়, মই গাখীৰ খুৱাই সাপ পুহি ৰাখিছিলো৷ উল্লেখযোগ্য যে নিজ ঘৰৰ পৰা চুৰি কৰি আঁতৰি অহাৰ পিছত অভিযুক্ত যুৱকজনক আশ্ৰয় দিছিল ডিম্পলৰ পিতৃ–মাতৃয়ে৷ কিন্তু সেই আশ্ৰয়ক গুৰুত্ব নিদিলে৷ বিপৰীতে কোনো বিষয়ত কাজিয়াৰ সূত্ৰপাত কৰি মৰিয়াই মৰিয়াই হত্যা কৰিলে ডিম্পলক৷
কুখ্যাত অপৰাধীটোক কঠোৰ শাস্তি প্ৰদানৰ দাবী ডিম্পলৰ মাতৃৰ৷ কেনেবাকৈ সি জে’লৰ পৰা ওলাই আহিলে পুনৰ উদণ্ড হ’ব কয় ডিম্পলৰ মাতৃয়ে৷ ডিম্পলৰ দৰে বহু ছোৱালীক আক্ৰমণ কৰিব৷ নিজৰ ভগ্নী আছে৷ ভগ্নীক আক্ৰমণ চলাব। সেয়ে চিৰদিনৰ বাবে জে’লত ৰখাৰ দাবী ডিম্পলৰ মাতৃ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 03, 2021, 17:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|