• Home
  • »
  • News
  • »
  • assam
  • »
  • এটা বিশেষ চৰ্তত অতনু ভূঞাক সমৰ্থন জনাব বিজেপিয়ে! কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

এটা বিশেষ চৰ্তত অতনু ভূঞাক সমৰ্থন জনাব বিজেপিয়ে! কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

তৰুণ গগৈৰ বিৰুদ্ধে খং হিমন্ত বিশ্বৰ।

তৰুণ গগৈৰ বিৰুদ্ধে খং হিমন্ত বিশ্বৰ।

তৰুণ গগৈৰ বিৰুদ্ধে খং হিমন্ত বিশ্বৰ।

  • Share this:
ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে জেষ্ঠ সাংবাদিক অতনু ভূঞাই বৃহস্পতিবাৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰাক লৈ জমি উঠিছে দিছপুৰৰ ৰাজনীতি ৷ কিয়নো সংখ্যাৰ হিচাপত তৃতীয়খন আসন দখল কৰাতো সহজ হৈ আছে বিৰোধীৰ ৷ বিৰোধী কংগ্ৰেছ-AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ইতিমধ্যে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নাম ঘোষণা কৰিছে ৷
ইয়াৰ মাজতে বৃহস্পতিবাৰে আনজন জেষ্ঠ সাংবাদিক অতনু ভূঞাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাত ইংগিতপূৰ্ণ মন্তব্য কৰিছে NEDAৰ আহ্বায়ক তথা জেষ্ঠ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

মন্ত্ৰী শৰ্মাই ক'লে, “অতনু ভূঞাই দহজন বিধায়কৰ সমৰ্থন লৈ স্বাক্ষৰ কৰাব পাৰিলে আমি তেওঁক সমৰ্থন দিম ৷ কিন্ত সেই দহজন বিধায়কৰ সমৰ্থন আদায় কৰাত আমি তেওঁক সহায় নকৰো ৷ স্বাক্ষৰ লৈ যুদ্ধত নামিলে আমি সহায় কৰিম ৷”

“ৰাজ্যসভাত আমি দুখন আসনতেই প্ৰাৰ্থিত্ব দিছো ৷ তৃতীয়খন আসনত অতনু ভূঞাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ৷ নিশ্চয় তেওঁ কথা পাতিছে,” ক'লে হিমন্ত বিশ্ব শৰ্মাই ৷

এই প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণ কৰিবলৈ নেৰিলে মন্ত্ৰী হিমন্তই ৷ হিমন্তই ক'লে, “তৰুণ গগৈৰ বাবে মোৰ বহুতৰ সৈতে শত্ৰুতা বাঢ়িল ৷ কলুষিত ৰাজনীতি কৰে গগৈয়ে ৷ জয়ন্ত বৰুৱাৰ লগত মোৰ বেয়া নাছিল ৷ তেওঁৰ স্কুটাৰত উঠি মই ঘূৰি ফুৰিছিলোঁ ৷ তৰুণ গগৈয়েহে মোক জয়ন্ত বৰুৱাক হৰুৱাবলৈ কৈছিল ৷”
Published by:Tulika Devi
First published: