ৰাজ্যৰ শিক্ষাৰ্থীলৈ সুখবৰ! শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহত্ ঘোষণা। স্কুল-কলেজলৈ গৈ ছাত্ৰীয়ে প্ৰতিদিন ক্লাছ কৰাৰ বাবদ লাভ কৰিব ১০০ টকাকৈ। মন্ত্ৰীগৰাকীয়ে এতিয়া নিজৰ এই ইচ্ছা পূৰণ কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে।
সেইদৰে স্নাতক পৰ্যায়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব ১৫০০কৈ টকা। কিতাপ পত্ৰ ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰে বেংক একাউণ্ট যোগে প্ৰদান কৰিব এই সাহায্য। চলিত মাহৰ শেষৰ ফালে এই ধনৰাশি লাভ কৰিব শিক্ষাৰ্থীসকলে। এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ২ হাজাৰ টকাকৈ। মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে শিৱসাগৰত।