শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ পিছতো সন্তুষ্ট নহয় টেট উত্তীৰ্ণ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক সমাজ 

News18 Assam | News18-Assam
Updated:January 26, 2020, 8:49 PM IST
শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ পিছতো সন্তুষ্ট নহয় টেট উত্তীৰ্ণ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক সমাজ 
মূল দাবীৰ পৰা ফালৰি কটাৰ অভিযোগ শিক্ষক সমাজৰ।

মূল দাবীৰ পৰা ফালৰি কটাৰ অভিযোগ শিক্ষক সমাজৰ।

  • Share this:
শিক্ষাবিভাগৰ দায়িত্ব লোৱাৰ পিছতে এটাৰ পিছত আন এক পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে জনতা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিছিল শিক্ষা বিভাগৰ অন্তৰ্গত কেতবোৰ অভিলাসী আঁচনি। য’ত আছিল ঠিকাভিত্তিক শিক্ষকৰ বাবে বহু ভাল খবৰ।কিন্তু শিক্ষামন্ত্ৰীৰ এনে ঘোষণাৰ পিছতো মূল দাবীৰ পৰা ফালৰি কটাৰ অভিযোগ উত্থাপন কৰিছে টেট উত্তীৰ্ণ প্ৰাথমিক  ঠিকাভিত্তিক শিক্ষক সমাজে।

শিক্ষক সমাজৰ মূল দাবী আছিল বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ।কিন্তু শিক্ষামন্ত্ৰীয়ে এই বিষয়ে সংবাদমেলত বিষয়টো গুৰুতৰ নিদিয়াৰ অভিযোগ শিক্ষক সমাজৰ।ঠিকাভিত্তিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল  ৰচিদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক কৰ্মৰত  টেট্ উত্তীৰ্ণ শিক্ষকক বেংক ঋণ, স্বাস্থ্য বীমা আদিৰ সুবিধা দিয়াৰ কথা আৰু বহুদিনীয়া দাবী অনুসৰি  ১১ হাজাৰ ষ্টেটপুল শিক্ষকক নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়া ঘোষণা আদৰণীয় বুলি কয় যদিও তেওঁলোকৰ মূল দাবীৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে একো উল্লেখ নকৰিলে বুলি অভিযোগ কৰে।
তেওঁ কয় ‘শিক্ষকৰ চাকৰিৰ সুৰক্ষাৰ কথা মন্ত্ৰী গৰাকীয়ে কৈছে যদিও সেইটো কি হিচাপত দিব সেইটোহে লক্ষণীয় হ’ব। মাধ্যমিক শিক্ষাৰ অধীনত যদি চাকৰিৰ নিৰাপত্তা কৰে তেন্তে ক’বলগীয়া একো নাথাকিব। তদুপৰি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ বাবে সংবাদমেলত কোনো ধৰণৰ ঘোষণা নকৰাত শিক্ষক সমাজ আশাহত হৈছে।'
আৰু চাওক
পৰৱৰ্তী বাতৰি