உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰা–হোৰে কমিছে খাৰুৱা তেলৰ দাম, কিন্তু অসমত শীঘ্ৰেই বাঢ়িব পেট্ৰ’ল–ডিজেলৰ মূল্য!

    আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰা–হোৰে কমিছে খাৰুৱা তেলৰ দাম, কিন্তু অসমত শীঘ্ৰেই বাঢ়িব পেট্ৰ’ল–ডিজেলৰ মূল্য!

    সোমবাৰে ভাৰতীয় টকাৰ হিচাপত এক লিটাৰ খাৰুৱা তেলৰ মূল্য সাত টকালৈ হ্ৰাস পাইছে।

    সোমবাৰে ভাৰতীয় টকাৰ হিচাপত এক লিটাৰ খাৰুৱা তেলৰ মূল্য সাত টকালৈ হ্ৰাস পাইছে।

    সোমবাৰে ভাৰতীয় টকাৰ হিচাপত এক লিটাৰ খাৰুৱা তেলৰ মূল্য সাত টকালৈ হ্ৰাস পাইছে।

    • Share this:
    আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰা–হোৰে কমিছে খাৰুৱা তেলৰ মূল্য। কোৰোণা সংকটৰ কাৰণে বিশ্ব অৰ্থনীতি স্তব্ধপ্ৰায় হৈ পৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ২১বছৰৰ ভিতৰত সৰ্বনিম্ন হৈছে খাৰুৱা তেলৰ মূল্য।  সোমবাৰে এবটল পানীতকৈও সস্তা হৈছে পেট্ৰ’লৰ মূল্য! প্ৰতি বেৰেল খাৰুৱা তেল বিক্ৰী হৈছে ১৫ডলাৰ অৰ্থাৎ বৰ্তমান দৰলৈ চাই ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১১৪০টকা হৈছে। সেইমৰ্মে এক বেৰেলত যিহেতু ১৫৯লিটাৰ তেল থাকে গতিকে এক লিটাৰ পেট্ৰ’লৰ মূল্য ভাৰতীয় টকাৰ হিচাপত হৈছেগৈ ৭টকা ১৩পইচা! এবটল খোৱাপানীৰ দাম ভাৰতত সাধাৰণতে ১০টকা আৰু সেই দিশৰ পৰা খাৰুৱা তেল এতিয়া পানীতকৈও সস্তা দৰত বিক্ৰী হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত। এই মূল্য আগন্তুক সময়ত আৰু হ্ৰাস পাব আৰু শীঘ্ৰেই প্ৰতি বেৰেলত ১০ডলাৰ হ’ব বুলি পূৰ্বানুমান কৰা হৈছে। উল্লেখ্য যে,  ভাৰতে নিজৰ প্ৰয়োজনৰ প্ৰায় ৮০শতাংশ তেল আমদানি কৰে আৰু ইয়াৰ বাবদ ভাৰতে প্ৰতি বছৰে ১০০ আৰৱ ডলাৰ খৰছ কৰিবলগীয়া হয়। ডলাৰৰ বিপৰীতে টকাৰ মূল্য অৱনমিত হ’লে এই আমদানি খৰছ বাঢ়ি যায় ভাৰতে নিজৰ খৰছ মিলাবলৈ কৰৰ হাৰ উচ্চ ৰাখিবলগীয়া হয়।

    অসমত বাঢ়িব পেট্ৰ’ল–ডিজেলৰ মূল্য!

    কোৰোণাৰ কাৰণে আৰ্থিক মন্দাৱস্থাৰে যুঁজাৰ আপ্ৰাণ চেষ্টা অব্যাহত দেশৰ লগতে অসমতো। ইতিমধ্যে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ সন্মুখত চৰকাৰী কৰ্মচাৰীক দৰমহা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। সোমবাৰে সংবাদমেলত তেওঁ অৱশ্যে আশ্বাস দিছে যে মে’ মাহৰ দৰমহা অসম চৰকাৰে দিব পাৰিব কিন্তু জুন মাহৰ দৰমহা আদায় দিয়া কঠিন হ’ব। খুব জটিল সময় আহি থকাৰ কথা তেওঁ উল্লেখ কৰিছে। মন্ত্ৰীগৰাকীয়ে কোৱা মতে, মে’ত ট্ৰেজাৰী খুলিব পৰা যাব নে নাই ক'ব নোৱাৰি ৷ মে’ত দৰমহা দিব পৰা যাব কিন্ত জুনত কঠিন হ'ব পাৰে ৷’ তেওঁ লগতে কয় যে, ‘মই বাজেট সঠিক হিচাপে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম।’ এই প্ৰসংগতে তেওঁ পেট্ৰ’ল–ডিজেলৰ মূল্যৰ ওপৰত অধিক কৰ আৰোপ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰি কয়, ‘পেট্ৰ’ল-ডিজেলৰ দাম আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কমিছে ৷ আমি কৰ বঢ়াব পাৰো ৷’

    উল্লেখযোগ্য যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আইন সংশোধন কৰি পেট্ৰ’ল আৰু ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত ৮টকালৈকে বৃদ্ধি কৰাৰ অধিকাৰ অৰ্জন কৰিছে। চলিত এপ্ৰিল মাহৰ পৰা এই নতুন নীতি বলৱৎ হৈছে। যোৱা মাৰ্চ মাহত কেন্দ্ৰই পেট্ৰ’ল–ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত ৩টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ জৰিয়তে ৩৯,০০০কোটি টকা কৰ আদায় কৰাৰ বাট মুকলি কৰিছিল কেন্দ্ৰই।
    Published by:Tulika Devi
    First published: