৩২ বছৰীয়া অপেক্ষাৰ অন্ত! ১৯৮৯ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলং অৱশেষত মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:October 24, 2020, 9:24 AM IST
৩২ বছৰীয়া অপেক্ষাৰ অন্ত! ১৯৮৯ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলং অৱশেষত মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
শুকুৰবাৰে নগাওঁ চহৰত সংস্থাপিত ৩১ টা হাইমাস্ক লাইটৰো শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে নগাওঁ চহৰত সংস্থাপিত ৩১ টা হাইমাস্ক লাইটৰো শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
৩২ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। অগপ চৰকাৰৰ প্ৰথম কাৰ্যকালতে নিৰ্মাণকাৰ্য আৰম্ভ হোৱা নগাঁও চহৰৰ ভূঞাপট্টি আৰু পুলিচ ৰিজাৰ্ভ সংযোগী দলঙৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথম কাৰ্যকালতে ১৯৮৯ চনত এইখন দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। অগপ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ১৯৯৮চনত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। পিছে দলংখনৰ সংযোগী পথছোৱাত থকা ১৭টা পৰিয়ালৰ ম্যাদি পট্টাৰ মাটিৰ বাবদ উচিত ক্ষতিপূৰণ নিদিয়াৰ ফলতে ওলোমা দলঙলৈ পৰিণত হৈছিল এইখন দলং।

পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এই  পৰিয়ালকেইটাক ক্ষতিপূৰণৰ সলনি ভয়-ভাবুকিৰে তাৰ পৰা উচ্ছেদৰ চেষ্টা কৰা হৈছিল। কিন্তু পৰিয়াল কেইটাই ন্যায়ালয়ৰ কাষ চপাত বিষয়টো অধিক জটিল হৈ পৰে।

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাই এই পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ দি দলঙখন ৰাইজৰ বাবে মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বিধায়ক গৰাকীয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ২০১৯ বৰ্ষত এই পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ পিছতেই দলংখন মুকলিৰ পথ প্ৰশস্ত হৈ পৰে।



শুকুৰবাৰে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দলঙখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতেই নগাঁও চহৰবাসীয়ে গুৱাহাটীলৈ যাবলৈ এটা বিকল্প পথ লাভ কৰে।

আনহাতে শুকুৰবাৰে নগাওঁ চহৰত সংস্থাপিত ৩১ টা হাইমাস্ক লাইটৰো শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই নগাঁৱৰ ঐতিহ্যমণ্ডিত আমোলাপট্টি নাট্য মন্দিৰৰ ১২৫ বছৰীয়া দুৰ্গোৎসৱ আৰু প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি হিমন্ত বিশ্বই কয়, ‘গুৰুজনাই নাটকৰ মাধ্যমেৰে জাতিটোক সংস্কাৰৰ শিক্ষা প্ৰদান কৰিছিল। অসমীয়া সভ্যতা সংস্কৃতি আজি নামনি অসম আৰু মধ্য অসমত সংকটৰ গৰাহত। কিন্তু এই সভ্যতা সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি বিজেপি চৰকাৰে সংকল্প লৈছো।’ মন্ত্ৰীগৰাকীয়ে বিধায়ক ৰূপক শৰ্মাৰ কামৰো ভূয়সী প্ৰশংসা কৰি কয়, ‘ৰূপক শৰ্মা এগৰাকী সফল বিধায়ক।’

ইপিনে সাংবাদিকৰে হোৱা কথা বতৰাত হিমন্তই কয়, ‘যোৱা এমাহৰ পৰা অসমত কোৰোণাৰ মান নিম্নগামী হৈছে আৰু দুৰ্গোৎসৱৰ পিছত কোৰোণা অধিক ৰূপত হ্ৰাস পাব।অসমত কোৰোণাৰ ভেকচিন বিনামূলীয়া হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও নগাওঁ চহৰৰ ধিং গেট তথা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যোৱাৰ পথত হোৱা কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ উদ্দেশ্যে ৯ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নলাৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্তই।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading