পদুমবৰীৰ ৫জন অসমীয়া যুৱকে যৌথভাৱে জড়িত হৈছে থলুৱা বিপণীখনত।
পদুমবৰীৰ ৫জন অসমীয়া যুৱকে যৌথভাৱে জড়িত হৈছে থলুৱা বিপণীখনত।
মহানগৰ বাসীলৈ সুখবৰ। মহানগৰীত মুকলি হ’ল অসমৰ থলুৱা খাদ্য সামগ্ৰীৰ বিপণী ‘হাট বজাৰ’। থলুৱা খাদ্য সামগ্ৰী লগতে উৎকৃষ্ট মানৰ ছাগলী, মুৰ্গী, হাঁহৰ মাংসও পাব হাট বজাৰত। কোৰোণা মহামাৰীৰৰ মাজতে দেশ তথা ৰাজ্যত লকডাউন চলি থকাৰ সময়ছোৱাত আৰ্থিক সংকটত ভুগিছে বহু লোকে। স্তব্ধপ্ৰায় হৈ পৰিছে সাধাৰণ জনজীৱন। এনে সময়তে খানাপাৰাস্থিত অসম পশুধন নিগমৰ সহযোগত মহানগৰীৰ জালুকবাৰীস্থিত গোটানগৰ পাদুমবৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শুভৰম্ভ কৰা হ’ল ‘হাট বজাৰ’।
অসম চৰকাৰৰ আত্মনিৰ্ভৰশীল অসমৰ আধাৰত ‘পথাৰো আমাৰ বজাৰো আমাৰ’ কাৰ্যসূচীৰ জৰিয়তে অসমীয়া যুৱক–যুৱতীক স্বাৱলম্বী কৰা উদ্দেশ্যে চৰকাৰী মূল্যত অসম পশুধন নিগমৰ পৰা যোগান ধৰা হ’ব ছাগলী, হাঁহ , মুৰ্গীৰ মাংস। পদুমবৰীৰ ৫জন অসমীয়া যুৱকে যৌথভাৱে জড়িত হৈছে থলুৱা বিপণীখনত।
এই ‘হাট বজাৰ’ নামৰ বিপণীখনৰ শুভাৰম্ভণি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। ‘হাট বজাৰ’খন মাংস তথা অসমীয়া থলুৱা খাদ্য সামগ্ৰী অতি কম দামত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। বর্তমান উপলব্ধ অসমীয়া থলুৱা খাদ্য সামগ্ৰী ঔ টেঙাৰ গুৰি, কল গছৰ খাৰ, বেল গছৰ ৰস, মানিমুনি পাতৰ গুৰি, বিভিন্ন ধৰণৰ চাউলৰ লগতে বহু থলুৱা খাদ্য সামগ্ৰী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|