সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত উজলিল মৰিয়নিৰ চাহ শ্ৰমিকৰ সন্তান। কঠালগুৰি চাহ বাগিছাৰ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অসম আৰক্ষী সেৱাত ৪১ সংখ্যক স্থান লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, পিতৃহীন হৰিচৰণৰ মাতৃ কঠালগুৰি চাহ বাগিচাৰ এগৰাকী স্থায়ী শ্ৰমিক। হৰিচৰণৰ পিতৃ প্ৰয়াত চন্দন ভূমিজ আৰু মাতৃ লক্ষী ভূমিজ। মেধাৱী হৰিচৰণ ভূমিজৰ মাতৃ লক্ষী ভূমিজ কঠালগুৰি চাহ বাগিছাৰ এগৰাকী পাত তোলা শ্ৰমিক। হাইস্কুলীয়া শিক্ষা মৰিয়নি জাতীয় বিদ্যাপীঠত গ্ৰহণ কৰা হৰিচৰণে ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
উল্লেখযোগ্য যে, হৰিচৰণে ২০১০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সামান্য কেইটামান নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল। আনহাতে, পুত্ৰৰ এই সাফল্যত মাতৃৰ দুচকুৰে সুখৰ চকুলো বৈ অহাৰ বিপৰীতে সহজ সৰল ভাষাৰে কয় "কি হৈছে মই একো ধৰিবই পৰা নাই। আপোনালোক আহিছে ভাল লাগিছে"।
পুত্ৰৰ বাবে কৰা কষ্টখিনিক নিজৰ কৰ্তব্য বুলি উল্লেখ কৰি পূৰ্বৰ দৰেই বাগিছাত নিজৰ কৰ্ম কৰি যাব বুলি স্বভাৱজাত ভাষাৰে হৰিচৰণৰ মাতৃয়ে প্ৰকাশ কৰে। ইফালে হৰিচৰণ ভূমিজৰ সফলতাত স্বাভাৱিকতে কঠালগুৰি চাহ বাগিছাৰ ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে অভিনন্দন জনাবলৈ বাসগৃহত বিভিন্নজনে ভিৰ কৰা পৰিলক্ষিত হৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|