• Home
  • »
  • News
  • »
  • assam
  • »
  • Har Ghar Tiranga : তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত “ঘৰে ঘৰে তিৰংগা” শীৰ্ষক বাটৰ নাট

Har Ghar Tiranga : তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত “ঘৰে ঘৰে তিৰংগা” শীৰ্ষক বাটৰ নাট

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হাতত লোৱা হৈছে 'ঘৰে ঘৰে তিৰংগা'ৰ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হাতত লোৱা হৈছে 'ঘৰে ঘৰে তিৰংগা'ৰ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হাতত লোৱা হৈছে 'ঘৰে ঘৰে তিৰংগা'ৰ কাৰ্যসূচী

  • Share this:
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে প্রস্তুত কৰি উলিয়াইছে “ঘৰে ঘৰে তিৰংগা” শীৰ্ষক এখন বাটৰ নাট।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাব জগাই তুলি দেশৰ জাতীয় পতাকাখনৰ প্ৰতি সন্মান জনাই অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হাতত লোৱা কাৰ্যসূচী 'ঘৰে ঘৰে তিৰংগা'ৰ প্ৰচাৰৰ বাবে ৰাইজৰ সন্মুখত এই বাটৰ নাট আজি ৯ আগষ্ট তাৰিখৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে অহা ১২ আগষ্ট পৰ্যন্ত গুৱাহাটীৰ আশে-পাশে বিভিন্ন ঠাইত পৰিৱেশন কৰা হ'ব।

সঞ্চালকালয়ৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা এই বাটৰ নাট প্ৰথমে আজি ৯ আগষ্ট তাৰিখে পুৱা ১১ বজাত জালুকবাৰীত অনুষ্ঠিত হয়। ইয়াৰ পিছতেই ক্ৰমে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত অনুষ্ঠিত হয়।

একেদৰে কাইলৈ ১০ আগষ্ট তাৰিখে পুৱা সোণাপুৰ, ক্ষেত্ৰী আৰু বিয়লি মালৈবাৰী, তেতেলীয়া বজাৰত অনুষ্ঠিত হ'ব। ১১ আগষ্টত আমিনগাঁও, ৰংমহল, অভয়পুৰ আৰু চাংচাৰিত অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্তিম দিনা ১২ আগষ্টত পুৱা নাৰেংগী, চপাইডং আৰু বিয়লি চন্দ্ৰপুৰ, মায়ঙত অনুষ্ঠিত কৰা হ'ব।

উল্লেখযোগ্য যে কালি ৮ আগষ্ট তাৰিখে সঞ্চালকালয় চৌহদত সঞ্চালক বিষ্ণু কমল বৰাকে প্ৰমুখ্য কৰি সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত প্ৰথমবাৰ এই বাটৰ নাটখন প্ৰদৰ্শন কৰা হয়।
Published by:Gautam Barman
First published: