• Home
  • »
  • News
  • »
  • assam
  • »
  • ''হৰ ঘৰ তিৰংগা'' কাৰ্যসূচীক লৈ ৰাইজৰ মাজত কেনে উৎসাহ, আত্মসহায়ক গোটসমূহে আজিলৈকে মুঠ কিমান পতাকা বিক্ৰী কৰিলে?

''হৰ ঘৰ তিৰংগা'' কাৰ্যসূচীক লৈ ৰাইজৰ মাজত কেনে উৎসাহ, আত্মসহায়ক গোটসমূহে আজিলৈকে মুঠ কিমান পতাকা বিক্ৰী কৰিলে?

ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল।

ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল।

ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল।

  • Share this:
স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে দেশজুৰি উদযাপন হ'বলগীয়া ‘হৰ ঘৰ তিৰংগা’ অর্থাৎ ‘ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচীৰ অংশস্বৰূপে অসমত আজিপর্যন্ত ১৬.০৭ কোটি টকা মূল্যৰ জাতীয় পতাকা বিক্ৰী হৈছে।

উল্লেখ্য যে ‘ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্যখনত অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ অধীনস্থ আত্মসহায়ক গোটসমূহে আজিলৈকে মুঠ ৩৫,৯৫,১৬৭খন জাতীয় পতাকা প্রস্তুত কৰি উলিয়াইছে। এই ৩৫,৯৫,১৬৭ জাতীয় পতাকাৰ ভিতৰত ৩২,৫৮,১৩৪ খন জাতীয় পতাকা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইয়াৰ পৰা মুঠ ১২.৪৭ কোটি টকা আয় হৈছে।

মন কৰিবলগীয়া যে দেশজুৰি ৰূপায়ণ হ'বলগীয়া এই ‘ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচীৰ অংশস্বৰূপে ৭২২ টা ক্লাষ্টাৰ লেভেল ফেডাৰেচনৰ অন্তৰ্গত আত্মসহায়ক গোটৰ ২৩,০০০ গৰাকী সদস্যই এই জাতীয় পতাকা প্রস্তুত প্রক্রিয়াত জড়িত হৈ আছে। এই পতাকাসমূহ বিক্ৰী কৰাৰ বাবে ৰাজ্যজুৰি আত্মসহায়ক গোটৰ মুঠ ১৯,১১০ টা বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে।

আনহাতে, আত্মসহায়ক গোটসমূহে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা জাতীয় পতাকাৰ বাহিৰেও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক আন ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল। ইতিমধ্যে ইয়াৰে ৩৯.২৬ লাখ জাতীয় পতাকা অসম পাইছেহি। এই জাতীয় পতাকাসমূহ ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ ৩৪,০০০খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সুলভ মূল্যত বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰে প্ৰতিখন পতাকা ১৮ টকা দৰত উপলব্ধ কৰা হৈছে আৰু আজিপর্যন্ত প্রায় ২০ লাখ জাতীয় পতাকা বিক্ৰী হৈছে যাৰ মূল্য প্ৰায় ৩.৬০ কোটি।

উল্লেখনীয় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশস্বৰূপে দেশবাসীক দেশপ্ৰেমৰ ভাবেৰে অধিক উদ্বুদ্ধ কৰি তোলা আৰু দেশবাসীৰ মনত জাতীয় পতাকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উপলক্ষে 'ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতিটো বাসগৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰিবলৈ চৰকাৰে সকলোৰে প্রতি আহ্বান জনাইছে। এই তিনিদিনীয়া কাৰ্যসূচীৰ অধীনত অসমত প্ৰায় ৮০ লাখ জাতীয় পতাকা উত্তোলন বা প্ৰদৰ্শন হ'ব বুলি আশা কৰা হৈছে।
Published by:Gautam Barman
First published: