• Home
  • »
  • News
  • »
  • assam
  • »
  • Har Ghar Tiranga: পাঁচ বছৰ ধৰি আম্মামুদ্দিন আহমেদৰ ঘৰৰ চোতালত একেৰাহে উৰি আছে জাতীয় পতাকা। দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন

Har Ghar Tiranga: পাঁচ বছৰ ধৰি আম্মামুদ্দিন আহমেদৰ ঘৰৰ চোতালত একেৰাহে উৰি আছে জাতীয় পতাকা। দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন

National Flag: দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন । উচ্চতম ন্যায়ালয়ৰ নীতি অনুসৰি আম্মামুদ্দিন আহমেদে উত্তোলন কৰিছে জাতীয় পতাকা ।

National Flag: দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন । উচ্চতম ন্যায়ালয়ৰ নীতি অনুসৰি আম্মামুদ্দিন আহমেদে উত্তোলন কৰিছে জাতীয় পতাকা ।

National Flag: দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন । উচ্চতম ন্যায়ালয়ৰ নীতি অনুসৰি আম্মামুদ্দিন আহমেদে উত্তোলন কৰিছে জাতীয় পতাকা ।

  • Share this:
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষ্যে এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ঘৰে ঘৰে তিৰংগা কাৰ্যসূচী । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিব দেশবাসীয়ে । আজাদি কি অমৃত মহোৎসৱৰ এই সময়ছোৱাত চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ এজন ব্যক্তি । কেৱল ১৫ আগষ্ট অথৱা ২৬ জানুৱাৰী বুলি নহয়, ডিব্ৰুগড়ৰ পল্টনবজাৰ চান্দমাৰিৰ আম্মামুদ্দিন আহমেদ নামৰ লোকজনে পাঁচবছৰ ধৰি নিজ ঘৰৰ চোতালত একেৰাহে উৰুৱাইছে তিনিবৰণীয়া জাতীয় পতাকা ।

উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ নীতি- ৰ্দেশনা মানি আম্মামুদ্দিন আহমেদে উৰুৱাইছে জাতীয় পতাকা । ৬০ ফুট উচ্চতাত ১৫ ফুট বহল আৰু ১০ ফুট উচ্চতাৰ ত্ৰিৰংগা পতাকা গৌৰৱেৰে উৰি আছে। প্ৰতি ২ মাহৰ মূৰে মূৰে সলনি কৰিব লগীয়া হয় পতাকাখন। সৰুৰে পৰা ত্ৰিৰংগা পতাকাৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল আম্মামুদ্দিন আহমেদৰ । পতাকা উত্তোলনৰ উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাৰ বিষয়ে অধ্যয়ন কৰি ২০১৭ চনৰ ২৬ জানুৱাৰীত উত্তোলন কৰি একেৰাহে উৰুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আম্মামুদ্দিন আহমেদে । তেতিয়াৰ পৰাই আম্মামুদ্দিন আহমেদৰ ঘৰৰ চোতালত উৰি আছে তিনিবৰণীয়া জাতীয় পতাকা ।

আম্মামুদ্দিন আহমেদ পেছাত এজন ব্যৱসায়ী । আম্মামুদ্দিনে নৱ প্ৰজন্মক দেখুৱাই যাব বিচাৰে এক আদৰ্শ । উঠি অহা প্ৰজন্মই জাতীয় পতাকাক ভাল পোৱাৰ, সন্মান কৰাৰ আৰু জাতীয় পতাকাৰ বিষয়ে জনাৰ প্ৰয়োজন অনুভৱ কৰে আম্মামুদ্দিনে। ইফালে, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষ্যে এইবাৰ চৰকাৰে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিব বিচৰা কাৰ্যসূচীক ভাল পদক্ষেপ বুলি মন্তব্য কৰে আম্মামুদ্দিন আহমেদে । ডিব্ৰুগড়ৰ পল্টনবজাৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত নীল আকাশাত নাচি আছে প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ এইখন জাতীয় পতাকা।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি