• Home
  • »
  • News
  • »
  • assam
  • »
  • Har Ghar Tiranga: কলগাছিয়াত আৰক্ষী–গাঁওৰক্ষী বাহিনীৰ সহযোগত 'হৰ ঘৰ তিৰংগা' সজাগতা অভিযান

Har Ghar Tiranga: কলগাছিয়াত আৰক্ষী–গাঁওৰক্ষী বাহিনীৰ সহযোগত 'হৰ ঘৰ তিৰংগা' সজাগতা অভিযান

ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই পদযাত্ৰা উলিওৱা হয়।

ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই পদযাত্ৰা উলিওৱা হয়।

ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই পদযাত্ৰা উলিওৱা হয়।

  • Share this:

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি কলগাছিয়াত "হৰ ঘৰ তিৰ‍ংগা" কাৰ্যসূচী ৰূপায়ণৰ বাবে হাতে হাতে ত্ৰিৰংগা লৈ এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়।


"হৰ ঘৰ তিৰংগা" কাৰ্যসূচী কেনেকৈ সফল হয় আৰু সাধাৰণ ৰাইজে কিদৰে পতাকা উত্তোলন কৰিব সেই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই এই পদযাত্ৰা উলিওৱা হয়।


উল্লেখ্য যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰত্যেকৰে বাসগৃহ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান–প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ আহ্বান জনায়।


কলগাছিয়া আৰক্ষী থানাৰ পৰা পথযাত্ৰা উলিয়াই কলগাছিয়া পাট বজাৰ হৈ কলগাছিয়াৰ বালাৰপাথাৰ এলেকাৰে পদযাত্ৰা কৰি কলগাছিয়াত আৰক্ষী থানাত উপস্থিত হয়। হৰ ঘৰ তিৰ‍ংগা কাৰ্যসূচী ৰূপায়ণেৰে কলগাছিয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

Published by:Gautam Barman
First published: