உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভেকচিনৰ কথা শুনি কলিয়াবৰত চাহ শ্ৰমিকৰ বুকুত ধপধপনি, জাগীৰোডত আইতাই মন্ত্ৰীক দিলে চৰ্ত... ইয়াৰ মাজেৰে চলিল 'হৰ ঘৰ দস্তক'

    ভেকচিনৰ কথা শুনি কলিয়াবৰত চাহ শ্ৰমিকৰ বুকুত ধপধপনি, জাগীৰোডত আইতাই মন্ত্ৰীক দিলে চৰ্ত... ইয়াৰ মাজেৰে চলিল 'হৰ ঘৰ দস্তক'

    har ghar dastak campaign: শালনাৰ " দিজুভেলি " চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে ভেকচিন লোৱাৰ ভয়ত চাহ বাগনৰ মাজেৰে দৌৰি পলাই যায়।

    har ghar dastak campaign: শালনাৰ " দিজুভেলি " চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে ভেকচিন লোৱাৰ ভয়ত চাহ বাগনৰ মাজেৰে দৌৰি পলাই যায়।

    har ghar dastak campaign: শালনাৰ " দিজুভেলি " চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে ভেকচিন লোৱাৰ ভয়ত চাহ বাগনৰ মাজেৰে দৌৰি পলাই যায়।

    • Share this:

    আৰম্ভ হৈছে 'হৰ ঘৰ দস্তক' অভিযান (har ghar dastak campaign)। ভেকচিন ল'বলৈ এতিয়াও যিসকল লোক বাকী আছে, সেইসকলৰ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব এই কাৰ্যসূচী।


    কিন্তু হৰ ঘৰ দস্তক অভিযানৰ মাজত ঘটা দেখা গৈছে কিছু আমোদজনক ঘটনা। এনে ঘটনাৰ বাবে বিপাঙতো পৰে প্ৰশাসনিক বিষয়া তথা স্বাস্থ্য কৰ্মী। কলিয়াবৰৰ শালনাৰ " দিজুভেলি " চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে  ভেকচিন লোৱাৰ ভয়ত চাহ বাগানৰ মাজেৰে দৌৰি পলাই যায় ( Tea workers run out of fear of taking vaccine)।


    কিন্তু প্ৰশাসনিক বিষয়াই তেওঁৰ পিছে পিছে গৈ তেওঁক বহুখিনি বুজনি দিয়ে যদিও চাহ শ্ৰমিকগৰাকীৰ এটাই কথা তেওঁ ভেকচিন নলয়। আজি তেওঁ বুকুৰ ধপধপনি উঠি আছে, গতিকে কাইলৈ ভেকচিন দিব লাগে আদি নানা অজুহাত দেখুৱাই শ্ৰমিকজনে। আনকি বিষয়া-স্বাস্থ্যকৰ্মীৰ ভৰিতো ধৰি ভেকচিন লোৱাৰ পৰা ৰেহাই পোৱাৰ কাতৰ অনুৰোধ জনায়।


    অৱশেষত  বাগিচাতে বুজাই মেলি তেওঁক ভেকচিন দিয়া হয়। এনে একেই ঘটনা ঘটে জাগীৰোড কোভিড চেণ্টাৰতো। মন্ত্ৰী পীয়ূষ হাজৰিকা (Piyush Hazarika) উপস্থিত থকা অৱস্থতে এগৰাকী বৃদ্ধা মহিলাই ভেকচিনক লৈ শংকা প্ৰকাশ কৰি ল'বলৈ অসন্মত হয়।


    বুজাই-মেলি তেওঁক ভেকচিন দিয়া হয় যদিও বৃদ্ধাই মন্ত্ৰী পীয়ূষ হাজৰিকাক বান্ধি দিয়ে এটা চৰ্ত- ''মৰিলে তই দায়িত্ব ল'বি।'' 'হৰ ঘৰ দস্তক' অভিযানত এনে ভেকচিন ড্ৰামাই মনোৰঞ্জন দিলেও ভেকচিনক লৈ আজিও যে এচাম মানুহ অবুজ হৈ আছে, তাকেই সূচাইছে।

    Published by:Gautam Barman
    First published: