• Home
  • »
  • News
  • »
  • assam
  • »
  • Har Ghar Dastak 2.0 : ৰাষ্ট্ৰীয় ক'ভিড প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত 'হৰ ঘৰ দস্তক-০২' অভিযানৰ শুভ উদ্বোধন

Har Ghar Dastak 2.0 : ৰাষ্ট্ৰীয় ক'ভিড প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত 'হৰ ঘৰ দস্তক-০২' অভিযানৰ শুভ উদ্বোধন

মহন্তই কয় যে নতুনকৈ দেখা দিয়া Noro ভাইৰাছ কিমান শক্তিশালী সেই বিষয়ত চিন্তা চৰ্চা কৰি থকা হৈছে

মহন্তই কয় যে নতুনকৈ দেখা দিয়া Noro ভাইৰাছ কিমান শক্তিশালী সেই বিষয়ত চিন্তা চৰ্চা কৰি থকা হৈছে

মহন্তই কয় যে নতুনকৈ দেখা দিয়া Noro ভাইৰাছ কিমান শক্তিশালী সেই বিষয়ত চিন্তা চৰ্চা কৰি থকা হৈছে

  • Share this:
মহানগৰীৰ তাৰিণী চৌধুৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে 'হৰ ঘৰ দস্তক-০২' অভিযানৰ।

১২ বছৰৰ ঊৰ্ধ্বৰ  প্ৰতিজন লোককে এই অভিযানৰ জৰিয়তে সামৰি লোৱা হ'ব। প্ৰতিখন জিলাতে আজিৰে পৰা আৰম্ভ হৈছে এই অভিযান (Har Ghar Dastak 2.0)।

ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় পালিৰ উপৰি সময় মতে সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে ৰাজ্যজুৰি চলাব এই অভিযান।

১৫ দিনৰ ভিতৰত সৰ্বাধিক ভেকচিন প্ৰদানৰ লক্ষ্য লৈ শুভাৰম্ভ কৰা এই অভিযানৰ ৯ মাহ পূৰ্বে  প্ৰথম অভিযান আৰম্ভ হৈছিল।

বৰ্তমালৈকে ৪ কোটি ৫৩ লাখ ভেকচিন দিয়া হৈছে এই অভিযানৰ অধীনত। ২ কোটি ৪২ লাখ লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰাৰ লগতে ২ কোটি ৭ লাখ লোকে দ্বিতীয় পালি আৰু ৪ লাখ ৭২ হাজাৰ লোকে তৃতীয় পালি গ্ৰহণ কৰিছে।

দ্বিতীয় পালি ভেকচিন গ্ৰহণ নকৰাসকলক অতি সোনকালে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আনহাতে দুয়োপালি ভেকচিন লোৱাসকলক তৃতীয় পালি
ভেকচিন গ্ৰহণ কৰি কোভিডমুক্ত অসম গঢ়িবলৈ আহ্বান জনাইছে।

মহন্তই (Keshab Mahanta) কয় যে নতুন ভাইৰাছে দেখা দিলেও ৰাইজ শংকিত হোৱাৰ কাৰণ নাই। ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু আছে। ৰাইজৰ লগত আছে। নতুনকৈ দেখা দিয়া Noro ভাইৰাছ কিমান শক্তিশালী সেই বিষয়ত চিন্তা চৰ্চা কৰি থকা হৈছে।

আনহাতে এতিয়ালৈ ৰাজ্যত মাংকীপক্সত কোনো লোক আক্ৰান্ত হোৱা নাই আৰু ইয়াৰ বাবে স্বাস্থ্য বিভাগ সাজু আছে বুলি উল্লেখ কৰে।
Published by:Gautam Barman
First published: