আজি ১ জানুৱাৰী, সমূহ অসমবাসীলৈ থাকিল নতুন বছৰৰ শুভেচ্ছা

News18 Assam | News18-Assam
Updated:January 1, 2020, 9:55 AM IST
আজি ১ জানুৱাৰী, সমূহ অসমবাসীলৈ থাকিল নতুন বছৰৰ শুভেচ্ছা
জানুৱাৰী মাহৰ প্ৰথমটো দিনত পুৱা মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে

জানুৱাৰী মাহৰ প্ৰথমটো দিনত পুৱা মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে

  • Share this:
২০১৯ শেষ হ’ল। ২০২০ চনৰ আজি প্ৰথমটো দিন। সকলোৰে আশা নতুন বছৰটোৱে কঢ়িয়াই আনক সকলোৰে বাবে শুভ বাৰ্তা। ৰাজ্যখনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল ২০১৯ বৰ্ষটো। জাতীয় জীৱনৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ে বিশেষ ভাবে চৰ্চা লাভ কৰিছিল বিগত বছৰটোত। বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ৰাজ্যখন দীৰ্ঘ সময় ধৰি উত্তপ্ত হৈ আছে। গতিকে এতিয়া ৰাজ্যবাসীৰয়ে আশা কৰিছে, নতুন বছৰত এইবোৰ সমস্যাৰ পৰা অসমখন  মুক্ত হওক।

জানুৱাৰী মাহৰ প্ৰথমটো দিনত পুৱা মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে।আগন্তুক বছৰটো কুশল–মংগলে যাবৰ বাবে ভগৱানৰ ওচৰত বিভিন্ন জন প্ৰাৰ্থনা আগবঢ়াইছে। সমূহ অসমবাসীলৈ News18 ৰ ফালৰ পৰাও থাকিল আন্তিৰক শুভকামনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি