• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙালীৰ ৰঙত মতলীয়া অসমীয়া! আজি মানুহৰ বিহু, উজনিৰ পৰা নামনিলৈ উচাহৰ ঢল

ৰঙালীৰ ৰঙত মতলীয়া অসমীয়া! আজি মানুহৰ বিহু, উজনিৰ পৰা নামনিলৈ উচাহৰ ঢল

অসমীয়াই পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে।

অসমীয়াই পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে।

অসমীয়াই পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে।

  • Share this:
হেঁপাহৰ ৰঙালী বিহুক এইবাৰ অতি উচাহৰ মাজেৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই। কোভিড পৰিস্থিতিৰ বাবে প্ৰায় দুটা বছৰৰ পিছত এইবাৰ অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ঠায়ে ঠায়ে বতৰে কিছু বিধি পথালি দিছে যদিও ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া।

আজি ব'হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহু দিনা কণিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে। আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।

ঢোল, পেঁপা, গগণাৰ মাতেৰে চৌদিশ ৰজন-জনাইছে।  হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে।
Published by:Himangshu Bhuyan
First published: