সুখৰ সময়তেই নহয়, দুখৰ সময়তো মৰমৰ শিল্পীজনক মনত পেলাই। তেওঁৰ গান শুনি দুখবোৰ পাতলাব বিচাৰে।
সুখৰ সময়তেই নহয়, দুখৰ সময়তো মৰমৰ শিল্পীজনক মনত পেলাই। তেওঁৰ গান শুনি দুখবোৰ পাতলাব বিচাৰে।
আজি ৪৯ বছৰীয়া হ’ল সকলোৰে মৰমৰ তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। অতি মৰমৰ শিল্পীজনক বিভিন্ন মাধ্যমৰ জৰিয়তে অজস্ৰজন গুণমুগ্ধই জনাইছে শুভকামনা। ইপিনে মৰমৰ শিল্পীজনক শুভেচ্ছা জনাবলৈ আজিৰ দিনটোত একাংশ অনুৰাগীয়ে হাতত ল’লে ব্যতিক্ৰমী কাৰ্যসূচী। লখিমপুৰ আজাদ গাৱঁৰ তথা কৰ্মসূত্ৰে যোৰহাটত থকা নীলমণি চাংমাই নামৰ এগৰাকী জুবিন অনুৰাগীয়ে যোৰহাটৰ হাতীগড়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অংকন কৰিলে জুবিনৰ প্ৰতিচ্ছবি। এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ পেছাদাৰী চিত্ৰশিল্পী নীলমণি চাংমায়ে ওৰে নিশা অন্তৰেৰে ভালপোৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি বিশেষভাৱে শুভকামনা জনায়।
এই সন্দৰ্ভত NEWS 18ৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ অৱগত কৰে যে সৰুৰে পৰাই জুবিনৰ একান্ত অনুৰাগী তেওঁ। সুখৰ সময়তেই নহয়, দুখৰ সময়তো মৰমৰ শিল্পীজনক মনত পেলাই। তেওঁৰ গান শুনি দুখবোৰ পাতলাব বিচাৰে। আৰু আজি সেইকাৰণেই বিশেষ দিনটোত এনেদৰে মৰমৰ শিল্পীজনৰ প্ৰতিচ্ছবি অংকন কৰি এক বুজাব নোৱাৰা প্ৰপ্তি লভিছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে যোৱানিশা যোৰহাটত প্ৰতিকুল বতৰকো নেওচি নিজৰ মটৰ চাইকেলৰ লাইটৰ পোহৰতেই সকলোৰে মৰমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি গৈছিল নীলমণিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|