Happy Birthday Zubeen : হাৰ্টথ্ৰব জুবিনৰ আজি ওপজা দিন, ৰাজ্যজুৰি নানা আয়োজন অনুৰাগীৰ

ছচিয়েল মিডিয়াযোগেও আপোন শিল্পীজনক শুভকামনা জনাইছে জুবিনক।
ছচিয়েল মিডিয়াযোগেও আপোন শিল্পীজনক শুভকামনা জনাইছে জুবিনক।
- News18 Assam
- Last Updated: November 18, 2020, 9:55 AM IST
ওপজা দিনৰ এদিন পূৰ্বে এক অনুষ্ঠানত আগন্তক দিনত সংগীতৰ জগতখনত আৰু অধিক কাম কৰি যাব বুলি মন্তব্য কৰে জুবিনে৷ নতুন বছৰত জুবিনে হাতত ল’ব এখন নতুন ছবি৷ হিন্দী ভাষাত নিৰ্মাণ হ’বলগীয়া ছবিখন হ’ব সম্পূৰ্ণ পৃথক৷ ফেব্ৰুৱাৰীত ছবিখনৰ কাম আৰম্ভ কৰাৰ ইংগিত জুবিনৰ৷
উল্লেখ্য যে আজি ৪৮সংখ্যক জন্মদিনত কোনো কাৰ্যসূচী ৰখা নাই জুবিনে৷ যদিওৱা বিভিন্ন স্থানত অনুৰাগীসকলে কাৰ্যসূচীৰ আয়োজন কৰিছে, কিন্তু কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ কোনো কাৰ্যসূচী ৰখা নাই জুবিনে।