পিছত জুবিন গাৰ্গে সংবাদমেল সম্বোধন কৰি তেওঁৰ বহু নতুন পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। শিল্পীগৰাকীয়ে বৰ্তমান এটা মিউজিক কোম্পানী ক্ৰিয়েট কৰাৰ চিন্তা কৰা বুলি জানিবলৈ দিয়ে। লগতে অসমীয়া ছবিৰ উত্তৰণৰ বাবে আগন্তুক বছৰত লক্ষ্য নিৰ্ধাৰণ কৰিছে জুবিনে। ২০২২ বৰ্ষতে জুবিন গাৰ্গৰ ৰাজনীতি আৰু ড০ বেজবৰুৱা২ নামৰ দুখন ছবিয়ে মুক্তি লাভ কৰিব। সেইদৰে এখন নতুন ছবিৰো পৰিকল্পনা কৰিছে শিল্পীগৰাকীয়ে।
ইফালে জন্মদিনৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গ ফেন ক্লাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। সাংস্কৃতিক সন্ধিয়া, ৰক্তদান শিবিৰ, দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়োৱা আদি বিভিন্ন কাৰ্যসূচী ৰাখিছে অনুৰাগীসকলে।