অহা ২৩ তাৰিখৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হব লগিয়া গুণোৎসৱ পিছুৱাই দিয়াৰ বাবে শিক্ষা বিভাগক অনুৰোধ জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে।
অহা ২৩ তাৰিখৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হব লগিয়া গুণোৎসৱ পিছুৱাই দিয়াৰ বাবে শিক্ষা বিভাগক অনুৰোধ জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে।
২৩ তাৰিখৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হবলগীয়া গুণোৎসৱ পিছুৱাই দিয়াৰ বাবে শিক্ষা বিভাগক অনুৰোধ জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে। বানপানীৰ ফলত জিলাখনত প্ৰায় অৰ্ধশতাধিক বিদ্যালয় ক্ষতিগ্ৰস্ত হোৱাৰ বাবে জিলা প্ৰশাসনে শিক্ষা বিভাগক গুণোৎসৱৰ তাৰিখ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে।
পিছুৱাই যাব নেকি গুণোৎসৱ ? ২৩ মে'ৰ পৰা হাইলাকান্দি জিলাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাই দিয়াৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অহা ২৩ মে'ৰ পৰা ৰাজ্যৰ ১৩ খন জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ । ইয়াৰ ভিতৰত আছে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাও। কিন্তু বৰাক নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ প্ৰায় ৪০ খন বিদ্যালয় বৰ্তমান পানীৰ তলত আছে। ইয়াৰ উপৰিও বৰ্তমান দুখন বিদ্যালয়ত সাহায্য শিবিৰ স্থাপন কৰা হৈছে।
এনে পৰিস্থিতিত, এই বিদ্যালয়বোৰত গুণোৎসৱ আয়োজন কৰাটো প্ৰায় অসম্ভৱ। ফলস্বৰূপ হাইলাকান্দি জিলা প্ৰশাসনে শিক্ষা বিভাগক এই গুণোৎসৱৰ তাৰিখ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে ।হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাই আজি সংবাদ মাধ্যমৰ আগতে এই মন্তব্য তুলি ধৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|