মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Half Pant Controversy ! ঘটনাৰ তদন্ত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰিলে কমিটী, ১০ দিনত জমা দিব লাগিব প্ৰতিবেদন... 

Half Pant Controversy ! ঘটনাৰ তদন্ত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰিলে কমিটী, ১০ দিনত জমা দিব লাগিব প্ৰতিবেদন... 

News18 Assam | News18-Assam
Updated:September 18, 2021, 10:37 AM IST
Half Pant Controversy ! ঘটনাৰ তদন্ত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰিলে কমিটী, ১০ দিনত জমা দিব লাগিব প্ৰতিবেদন... 
Assam Half Pant Controversy: বিগত ১৬ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ এক শিক্ষা অনুষ্ঠানত এগৰাকী ১৯বছৰীয়া যুৱতীক হাফ পেন্ট পিন্ধি অহাৰ কাৰণে প্ৰৱেশত বাধা দিয়া কার্যই সৰ্বত্ৰ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভাগীয় মূৰব্বীৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটীখনে ১০দিনৰ অন্তত জমা দিব লাগিব প্ৰতিবেদন।

  • News18 Assam
  • Last Updated: September 18, 2021, 10:37 AM IST
  • Share this:
Assam Half Pant Controversy: বিগত ১৬ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ এক শিক্ষা অনুষ্ঠানত এগৰাকী ১৯বছৰীয়া যুৱতীক হাফ পেন্ট পিন্ধি অহাৰ কাৰণে প্ৰৱেশত বাধা দিয়া কার্যই সৰ্বত্ৰ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যুৱতীগৰাকী অসম কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কাৰণে তেজপুৰত অনুষ্ঠিত হোৱা প্ৰৱেশিকা পৰীক্ষা দিবলৈ বিশ্বনাথ চাৰিআলিৰ পৰা গৈছিল । উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।

এজন বিভাগীয় মূৰব্বীৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে এখন তিনিজনীয়া কমিটী । এই কমিটীখনে তদন্ত কৰি ১০দিনৰ অন্তত জমা দিব লাগিব প্ৰতিবেদন । বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে সংবাদ মাধ্যমত সদৰী কৰিছে এই কথা ।

উল্লেখযোগ্য যে যোৱা ১৬ ছেপ্টেম্বৰ তাৰিখে তেজপুৰত অনুষ্ঠিত হোৱা কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত এগৰাকী ১৯ বছৰীয়া যুৱতীক হাফ পেন্ট পৰিধান কৰি অহাৰ কাৰণে পৰীক্ষা কক্ষত প্ৰৱেশত বাধা প্রদান কৰা হৈছিল । পিছত অৱশ্যে যুৱতী গৰাকীক পৰ্দা এখন কঁকালত মেৰিয়াই দি পৰীক্ষাত বহিবলৈ দিয়া হ’ল । এই ঘটনাই দেশজুৰি বিতৰ্কৰ সূত্ৰপাত কৰিছে ।
Published by: Kokil Sarma
First published: September 18, 2021, 10:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি