মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কঠোৰ চৰ্তৰ বিৰোধিতা ৰাজ্যত। বিনা চৰ্তে ঋণ ৰেহাইৰ দাবীত হাজোত প্ৰতিবাদ।

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কঠোৰ চৰ্তৰ বিৰোধিতা ৰাজ্যত। বিনা চৰ্তে ঋণ ৰেহাইৰ দাবীত হাজোত প্ৰতিবাদ।

News18 Assam | News18-Assam
Updated:June 14, 2021, 1:07 PM IST
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কঠোৰ চৰ্তৰ বিৰোধিতা ৰাজ্যত। বিনা চৰ্তে ঋণ ৰেহাইৰ দাবীত হাজোত প্ৰতিবাদ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰকাৰৰ চৰ্তসমূহ পুনৰ বিবেচনা কৰিবলৈ দাবী প্ৰতিবাদী মহিলাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰকাৰৰ চৰ্তসমূহ পুনৰ বিবেচনা কৰিবলৈ দাবী প্ৰতিবাদী মহিলাৰ।

  • Share this:
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ কঠোৰ চৰ্তক লৈ হাজোৰ ৰামদিয়াৰ নামপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অৰ্ধশতাধিক মহিলাই। মাইক্ৰ'ফাইনেঞ্চৰ (MICRO FINANCE)ৰ ঋণ মাফ আছিল ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি। কিন্তু শেহতীয়াকৈ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ সন্দৰ্ভত চৰকাৰে আৰোপ কৰা চৰ্তৰ তীব্ৰ বিৰোধিতাৰে আজি ওলাই আহিল হাজোৰ ৰামদিয়াৰ নামপাৰাৰ এই সকল মহিলা। চৰকাৰক বিনা চৰ্তে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবী ৰামদিয়াৰ এইসকল মহিলাৰ।

চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ঋণ ৰেহাইৰ ক্ষেত্ৰত এতিয়া তেওঁলোকৰ প্ৰতি ঘোৰ অন্যায় হোৱা বুলি অভিযোগ কৰিছে ৰামদিয়াৰ মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দি চৰকাৰৰ গঠনৰ পাছত ওলোটা খৰ মৰা বুলি ক্ষোভত গুজৰি উঠিছে ৰামদিয়াৰ এই সকল মহিলাই।

বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলেও চৰকাৰে বান্ধি দিয়া নিয়ম মানিবলৈ সক্ষম নহয় বুলি জনায় মহিলাসকলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দাবী জনালে প্ৰতিবাদী মহিলাসকলে।
Published by: Manjumoni Borah
First published: June 14, 2021, 1:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি